Gyanvapi Mosque : স্থগিতাদেশ দিলে উচ্চতম ন্যায়ালয়ে, জ্ঞানবাপী মছজিদ গোচৰৰ শুনানি স্তব্ধ বাৰাণসীৰ আদালতত

7f47a34c396d3950b5486eacbb9ade2e original

বাৰাণসী দায়ৰা আদালতত জ্ঞানবাপী মছজিদ গোচৰৰ শুনানিৰ ওপৰত স্থগিতাদেশ দিলে উচ্চতম ন্যায়ালয়ে । বৃহস্পতিবাৰে ন্যায়াধীশ ডিৱাই চন্দ্রচূড় আৰু ন্যায়াধীশ পিএছ নৰসিঙৰ ডিভিছন বেঞ্চে এই নির্দেশ দিছে । আনহাতে, বাৰাণসী আদালতত-নিযুক্ত পর্যবেক্ষক দলে বৃহস্পতিবাৰে মুখ-বন্ধ খামত জ্ঞানবাপী মছজিদৰ ভিতৰত সমীক্ষা আৰু ভিডিঅ’গ্রাফি সংক্রান্ত চূড়ান্ত প্ৰতিবেদনত দায়ৰা ন্যায়াধীশ ৰবিকুমাৰ দিবাকৰক জমা দিছে ।

শীর্ষ আদালতৰ দুই ন্যায়াধীশৰ ডিভিছন বেঞ্চত শুকুৰবাৰে বিয়লি তিনি বজাত জ্ঞানবাপী মছজিদ গোচৰৰ শুনানি হ’ব । সেয়ে শুকুৰবাৰ পর্যন্ত বাৰাণসী আদালতত শুনানি স্থগিত ৰখাৰ নির্দেশ দিয়া হৈছে । প্রসংগত, জ্ঞানবাপীৰ ভিতৰত সমীক্ষা আৰু ভিডিঅ’গ্রাফিৰ বিৰোধিতা কৰি শীৰ্ষ ন্যায়ালয়ত আবেদন জনাইছিল, ‘অঞ্জুমান ইন্তেজামিয়া মছজিদ কমিটী’-ৰ অধিবক্তা হুফেজা আহমদিয়ে । সেই আবেদনৰ ভিত্তিতেই এই সিদ্ধান্ত ।

বাৰাণসী আদালত ঘোষিত ‘মা শৃংগাৰ গৌৰী’ (অজুখানা, তহ্‌খানাসহ মছজিদৰ একাংশ) অঞ্চল ছিল কৰাৰ নির্দেশৰ ওপৰত মছজিদ কমিটী আৰু ছুন্নি চেন্ট্রেল ৱাকফ ব’র্ডৰ তৰফৰ পৰা স্থগিতাদেশ বিচৰা হৈছিল যদিও সেই আবেদনত সন্মতি জনোৱা নাই দুই ন্যায়াধীশৰ বেঞ্চে ।

জ্ঞানবাপীত পূজাৰ অধিকাৰ বিচাৰি বাৰাণসী আদালতৰ দ্বাৰস্থ হৈছিল পাঁচগৰাকী হিন্দু মহিলা । তেওঁলোকৰ অধিবক্তা হৰিশংকৰ জৈন বুধবাৰে হঠাৎ অসুস্থ হৈ পৰে । বৃহস্পতিবাৰে হৰিশংকৰৰ পিতৃ তথা উচ্চতম ন্যায়ালয়ত হিন্দুপক্ষৰ অধিবক্তা বিষ্ণুশংকৰে সেই কথা জনায় । ইয়াৰ পাছতেই শুনানিত সাময়িক স্থগিতাদেশ দিয়ে দুই ন্যায়াধীশৰ বেঞ্চে ।

Exit mobile version