Indian Economy : চলিত বছৰত ভাৰতীয় অর্থনীতি বৃদ্ধিৰ সম্ভাৱনা ৬.৪ শতাংশ, পূর্বাভাস ৰাষ্ট্ৰসংঘৰ

notes november photo pradeep delhi indian currency a78778f2 71f5 11e8 9a75 8898ac94ce9e

কৰ’নাৰ অভিকেন্দ্ৰ সত্ত্বেও ২০২২ত ভাৰতৰ আর্থিক বৃদ্ধিৰ সম্ভাব্য হাৰ ৬.৪ শতাংশ হোৱাৰ সম্ভাৱনা । বৃহস্পতিবাৰে এই পূর্বাভাস পোৱা গৈছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত । বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ৭.৩ শতাংশ পূর্বাভাস দিয়া হৈছিল । কিন্তু ইয়াৰ পৰিৱৰ্তে বৃদ্ধিৰ হাৰ আছিল ৮.৮ শতাংশ । এইবাৰো ‘প্রকৃত ফল’ পূর্বাভাসৰ তুলনাত ভাল হ’ব বুলি কেন্দ্রীয় বিত্তমন্ত্রণালয় সূত্রে খবৰ ।

ক’ভিড-১৯ অতিমাৰীৰ প্ৰকোপত ভাৰতীয় অর্থনীতি সংকটত পৰিলেও অন্য দেশৰ তুলনাত ভাল বুলি জনোৱা হৈছে ৰাষ্ট্ৰসংঘৰ ‘ৱর্ল্ড ইকনমিক ছিচুৱেছন এণ্ড প্রছপেক্টছ-২০২২’ শীর্ষক এই প্ৰতিবেদনত । অৱশ্যে মুদ্রাস্ফীতি আৰু শ্রমৰ বজাৰত অসাম্যতাৰ বাবে ভাৰতৰ বজাৰত প্রত্যাশিত বিনিয়োগ নোহোৱাৰ শংকা আছে বুলিও ইংগিত দিয়া হৈছে ।

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রভাৱত বিশ্বজুৰি অর্থনীতিত নেতিবাচক প্রভাৱ পৰিলেও নতুন দিল্লীয়ে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সফল হৈছে বুলি জনাই প্ৰতিবেদনত কোৱা হৈছে, ‘এতিয়াও আর্থিক বৃদ্ধিৰ হাৰত প্ৰথম নম্বৰতে আছে ভাৰত ।’

অৱশ্যে অতিমাৰীৰ প্ৰকোপত বিপর্যস্ত ভাৰতীয় অর্থনীতিৰ ‘ক্ষত’ সম্পূৰ্ণ সুস্থ হ’বলৈ এতিয়াও সময় লাগিব বুলি জনাইছে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে । কোৱা হৈছে, যদি বিনিয়োগৰ মাধ্যমত অর্থনীতি পুনৰুদ্ধাৰৰ চেষ্টা আৰম্ভ নহয়, তেন্তে দীর্ঘদিনলৈ মন্দাৰ প্রভাৱ অব্যাহত থাকিব ।

ৰাষ্ট্ৰসংঘৰ আর্থিক আৰু সামাজিক বিষয় সংক্রান্ত সমীক্ষক দলৰ প্রধান হামিদ ৰশিদে এই প্ৰতিবেদন প্রকাশ কৰি জনাইছে, বিশ্বজুৰি মুদ্রাস্ফীতিৰ পৰিস্থিতিত ভাৰতসহ দক্ষিণ আৰু পূৱ এছিয়াৰ দেশসমূহৰ আর্থিক পৰিস্থিতি কিছু সবল হৈছে । তেওঁ কয়, ‘‘এটা অর্থত ক’বলৈ গ’লে অন্য অনেক দেশৰ তুলনাত ভাৰত ভাল অৱস্থানত আছে । অৱশ্যে আৰু আগবাঢ়িবলৈ কঠোৰ আর্থিক নীতি অনুসৰণ কৰিব লাগিব ।’’

প্রসংগত, কৰ’না পৰিস্থিতিৰ আগতেই ভাৰতীয় অর্থনীতিৰ অধোগতি আৰম্ভ হৈছিল । ২০১৯ত আর্থিক বৃদ্ধিৰ হাৰ নামি আহিছিল ৪.৭ শতাংশত । ২০২০ত চাৰে ন শতাংশৰো অধিক বৃদ্ধিৰ পূর্বাভাস দিয়া হয় যদিও অতিমাৰী পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহয় ।

Exit mobile version