Navjot Singh Sidhu : এইবাৰ সিধুৰ জেলযাত্রা ! ৩৪ বছৰৰ পুৰণি গোচৰত এবছৰৰ কাৰাদণ্ড উচ্চতম ন্যায়ালয়ত

02aa5f12 a495 11ec 985f 9a0c341199cc 1652950197183 1652950226452

কিছু মাহ আগতে বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল । এইবাৰ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খালে পঞ্জাৱ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি নভজোৎ সিং সিধুৱে । ৩৪ বছৰৰ পুৰণি এটা অনিচ্ছাকৃত হত্যাৰ গোচৰত প্রাক্তন ৰাষ্ট্ৰীয় ক্রিকেটাৰক বৃহস্পতিবাৰে এবছৰ কাৰাগাৰৰ শাস্তি বিহিছে শীর্ষ আদালতে । উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণাৰ পাছতেই সিধুৱে টুইটাৰত লিখে, ‘ম‌ই আদালতত আত্মসমর্পণ কৰিম ।’

১৯৮৮-ৰ ২৭ ডিচেম্বৰত পটিয়ালাৰ পথত গাড়ী পার্কিঙক কেন্দ্র কৰি গুৰনাম সিং নামে এজন ব্যক্তিৰ স’তে সংঘৰ্ষত লিপ্ত হয় সিধু আৰু তেওঁৰ বন্ধু ৰুপিন্দ্র সিং সান্ধু । অভিযোগ অনুসৰি, গুৰনামক গাড়ীৰ পৰা জোৰ কৰি টানি বাহিৰত ওলিয়াই মাৰধৰ কৰে তেওঁলোকে । এই ঘটনাৰ কিছুদিন পাছতেই মৃত্যু হয় গুৰনামৰ ।

এই গোচৰত নিম্ন আদালতত ৰেহাই পায় যদিও ২০০৬-ত পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়ত অনিচ্ছাকৃত হত্যাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল সিধু । উচ্চ ন্যায়ালয়ৰ ৰায়ত তেওঁৰ তিনি বছৰৰ কাৰাদণ্ড হয় । কিন্তু, পাছৰ বছৰতে সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সিধু ।

২০১৮-ৰ আৰম্ভণিতে সেই গোচৰৰ ৰায় দান কৰে শীৰ্ষ ন্যায়ালয়ে । তাত পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ সেই ৰায় বাতিল কৰি সিধুক এহেজাৰ টকাৰ জৰিমনা বিহা হয় । ইয়াৰ পাছত অমৃতসৰ কেন্দ্রৰ পৰা তেওঁ বিধানসভা নির্বাচনত জয়ী হয় । মন্ত্রীও হয় । কিন্তু সেই বছৰেই উচ্চতম ন্যায়ালয়ত এই ৰায় পুনর্বিবেচনাৰ আবেদন কৰে গুৰনামৰ পৰিয়ালে ।

সেই আবেদনৰ ভিত্তিত শীৰ্ষ ন্যায়ালয়ৰ ৰিভিউ বেঞ্চে পুনৰ বিচাৰৰ নির্দেশ দিয়ে । পটিয়ালা ন্যায়ালয়ে প্রমাণৰ অভাৱত মুক্তি দিলেও বৃহস্পতিবাৰে শীর্ষ আদালতত দোষী সাব্যস্ত হয় সিধু ।

Exit mobile version