Raj Kundra : পর্ন-কাণ্ডৰ পাছত এইবাৰ বেআইনী অর্থ লেনদেনত অভিযুক্ত শিল্পাৰ স্বামী ৰাজ

PTI06 08 2021 000199A 1627641366082 1631940617331

অশ্লীল ছবি বনোৱাৰ গোচৰৰ সূত্রত এইবাৰ অভিনেত্রী শিল্পা শেট্টিৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে এইবাৰ বেআইনী অর্থ লেনদেনৰ অভিযোগ তুলিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) । সংবাদ সংস্থা এএনআই-য়ে জনাইছে, ব্যৱসায়ী ৰাজৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোচৰ ৰুজু কৰিছে আর্থিক অপৰাধ সংক্রান্ত বিষয়ত তদন্তৰ ভাৰপ্রাপ্ত কেন্দ্রীয় সংস্থাই ।

বিগত বৰ্ষৰ জুলাইত অশ্লীল ছবি বনোৱাৰ অভিযোগত ৰাজক গ্রেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে । কে’বা মাহ কাৰাগাৰত থকাৰ পাছত তেওঁ জামিনত মুক্তি পাইছিল । ৰাজৰ বিৰুদ্ধে অভিযোগ, অশ্লীল ছবি বনোৱাৰ লগতে তেওঁ সেয়া বিশেষ এপৰ মাধ্যমত প্ৰকাশ কৰিছিল । সেই ব্যৱসায় আইন বহির্ভূতভাৱে বহু টকা লেনদেনৰ স’তে তেওঁ প্রত্যক্ষভাৱে জড়িত আছিল বুলি অভিযোগ ইডি-ৰ । প্রসংগত, পর্ন-কাণ্ডত ইতিমধ্যে আদালতত ৰাজৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ এটা চার্জশ্বিট প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই ।

বিগত নৱেম্বৰত ৰাজ আৰু শিল্পাৰ বিৰুদ্ধে নিতিন গড়াই নামে এজন ব্যৱসায়ীক প্রতাৰণাৰ অভিযোগো দাখিল কৰিছিল । আৰক্ষীক নিতিনে জনায়, কাছিফ খান নামে এজন ব্যক্তিয়ে তেওঁৰ জিম ‘এছএফএল ফিটনেছ’-ৰ সংস্থাত নিতিনক ডেৰ কোটি টকা বিনিয়োগ কৰিবলৈ কয় । কাছিফৰ স’তেই আছিল শিল্পা আৰু ৰাজ । নিতিনক সংস্থাৰ ফ্রেঞ্চাইজি দিয়াৰ প্রতিশ্রুতি দিছিল তেওঁলোকে । কিন্তু কোনো প্রতিশ্রুতিয়ে পূৰণ কৰা নাই ৰাজ, শিল্পা বা তেওঁৰ সহকাৰী কাছিফে । নিতিনে বিনিয়োগৰ টকা ঘূৰাই বিচৰাত তেওঁক নানা ধৰণে ভয় দেখুৱাই ৰাজে ।

Exit mobile version