Train : দুবছৰ পাছত পুনৰ আৰম্ভ হ’ব ভাৰত-বাংলাদেশ যাত্রিবাহী ট্রেইন, ২৯ মে’ত কলকাতাত আহিব মৈত্রী এক্সপ্রেছ

1652935178 train

ক’ভিড পৰিস্থিতিৰ বাবে প্রায় ২৬ মাহ বন্ধ থকাৰ পাছত পুনৰ আৰম্ভ হৈছে ভাৰত-বাংলাদেশ যাত্রিবাহী ট্রেইন । ৰেল মন্ত্রণালয় সূত্রে জানিব পৰা গৈছে, অহা ২৯ মে’ত ঢাকা-কলকাতা মৈত্রী এক্সপ্রেছ আৰু কলকাতা-খুলনা বন্ধন এক্সপ্রেছ যাত্রা আৰম্ভ হ’ব ।

অহা এক জুনৰ পৰা নিউ জলপাইগুড়ি-ঢাকা মিতালি এক্সপ্রেছ পুনৰ চলাচল কৰিব বুলিও ৰেল মন্ত্রণালয়ৰ এটা সূত্রৰ পৰা জানিব পৰা গৈছে । প্রসংগত, ২০০৮ৰ ১৪ এপ্রিল বাংলা নৱবর্ষৰ দিনত প্রথম ভাৰত-বাংলাদেশ যাত্রিবাহী ট্রেইন মৈত্রী এক্সপ্রেছৰ যাত্রাৰ সূচনা হৈছিল ।

ক’ভিড-১৯ সংক্রমণৰ বাবে ২০২০-ৰ ১৫ মার্চৰ পৰা ভাৰত-বাংলাদেশ যাত্রিবাহী ট্রেইন চলাচল বন্ধ হৈ গৈছিল । পৰিস্থিতি সামান্য স্বাভাৱিক হোৱাত যোৱা ২২ ফেব্রুৱাৰীত বাংলাদেশ ৰেল দপ্তৰৰ তৰফৰ পৰা ভাৰতীয় ৰেল মন্ত্রণালয়ক পত্ৰ প্ৰেৰণ কৰি পুনৰ যাত্রিবাহী ট্রেইন চলোৱাৰ প্রস্তাৱ দিয়া হৈছিল বুলি এই সূত্রৰ খবৰ ।

ৰেলমন্ত্রী অশ্বিনী বৈষ্ণোৰ স’তে ৰেল মন্ত্রণালয়ৰ বিষয়াসকলৰ আলোচনাৰ পাছত যোৱা ১৫ মার্চত ঢাকাত প্ৰেৰণ কৰা প্ৰত্যুত্তৰ পত্ৰত ক’ভিডবিধি মানি যাত্রিবাহী ট্রেইন চলাচল পুনৰ আৰম্ভ কৰাৰ বিষয়ত সন্মতি দিছিল ভাৰতীয় ৰেল কর্তৃপক্ষ‌ই ।

Exit mobile version