Unknown Fever : কিমৰ দেশত অচিন ‘জ্বৰ’, উদ্বিগ্ন চীন

119805253 gettyimages 1234478263

চুবুৰীয়া দেশ উত্তৰ কোৰিয়াত বিগত কিছু সপ্তাহত ‘জ্বৰ’ত আক্রান্ত হৈছে প্ৰায় ১৭ লাখ লোক । সেই জ্বৰ সম্ভৱত কৰ’না সংক্রমণ, এই আশংকাত দ্ৰুত ব্যৱস্থা লৈছে চীনে ।

উত্তৰ কোৰিয়াৰ সীমান্তৰ পৰা মাত্র তিনিশ কিলোমিটাৰ দূৰত্বত চীনৰ বন্দৰ চহৰ ডালিয়ানত প্রায় ৭৫ লাখ বাসিন্দাক এদিনৰ ব্যৱধানত কৰ’না পৰীক্ষা কৰোৱাৰ নির্দেশ দিয়া হৈছে । প্রশাসনৰ তৰফৰ পৰা জনোৱা হৈছে, কৰ’না পৰীক্ষাত অভিনৱ পদ্ধতি লৈছে তেওঁলোকে । মঙলবাৰে কেৱল মহিলাই, বৃহস্পতিবাৰে কেৱল পুৰুষে আৰু শনিবাৰে প্রয়োজনত সকলোৱে পৰীক্ষা কৰাব পাৰিব ।

লিংগভেদে কৰ’না পৰীক্ষাত প্রশাসনৰ যুক্তি, সৰু পৰিয়ালত এগৰাকী মহিলা আৰু এজনকৈ পুৰুষ থাকে বুলি ধৰি লোৱা হয় । লিংগ ভিত্তিক পৰীক্ষা পদ্ধতিত একেই পৰিয়ালৰ সংক্রমণৰ বিষয়টোৰ ওপৰত নিবিড়ভাৱে দৃষ্টি ৰখা হ’ব ।

কৰ’নাৰ বিৰুদ্ধে আৰম্ভণিৰ পৰা ‘জিৰ’ টলাৰেন্স’ নীতি গ্ৰহণ কৰি আহিছে চীনে । সম্প্রতি ৬৯ জনৰ সংক্রমণ ধৰা পৰাত ৰাজধানী বেইজিঙত কঠোৰ বিধিনিষেধ মানি চলাৰ নির্দেশ দিছে কর্তৃপক্ষ‌ই । এনে পৰিস্থিতিত উত্তৰ কোৰিয়াত অজানা সংক্রমণ বৃদ্ধি পোৱাত উদ্বিগ্ন চীন । বিদেশৰ পৰা সংক্রমণ ৰোধ কৰিবলৈ উত্তৰ চীনৰ বন্দৰ চহৰ টিয়ানজিনৰ ছাবৱে আংশিক বন্ধ ৰখা হৈছে ।

লগতে অভিযোগ উত্থাপিত হৈছে, সংক্রমণ ৰোধ কৰিবলৈ অতিৰিক্ত ৰাসায়নিক জীৱাণুনাশক ব্যৱহাৰ কৰিছে চীন প্রশাসনে । ইয়াৰ পৰিমাণ ইমানেই অধিক যে, সম্প্রতি ছাংহাইৰ বতাহত ধোঁৱা সৃষ্টিৰ খবৰ পোৱা গৈছে ।

Exit mobile version