ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত এফচিআইৰ ২৮ টন চাউল জব্দ

জব্দকৃত ট্ৰাক দুখনত উদ্ধাৰ ভাৰতীয় খাদ্য নিগমৰ খালী মোনা

WhatsApp Image 2022 05 20 at 6.44.24 PM

উজনিৰ পৰা নামনিলৈ বানত ককবকাইছে একাংশ বন্যাৰ্ত্যই । এসাঁজ ভাতৰ বাবে হাহাকাৰ লাগিছে বন্যাৰ্ত্যই মাজত । ইয়াৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে এফচিআই (FCI)ৰ চাউল চোৰাংভাৱে বিক্ৰী কৰি অধিক মুনাফা লুটি আহিছে ।‌ বিশেষকৈ কামৰূপৰ বকো সমষ্টিৰ লগতে ছয়গাঁও সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সোণতলী, ছমৰীয়া, গৰৈমাৰী, নগৰবেৰাৰ লগতে গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা এফচিআইৰ চাউল মেঘালয় অথবা কেতবোৰ অঞ্চলত গোপনে সৰবৰাহ হৈ আছে ।

দৰিদ্ৰজনলৈ অহা সুলভ মূল্যৰ চাউল আদবাটতে হৰলুকি কৰি দৰিদ্ৰজনৰ মুখৰ ভাত কাঢ়িছে একাংশ অসাধু ব্যৱসায়ীয়ে । ইয়াৰ মাজতে আজি ৰাতিপুৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ এটি সঁজাতি দলে এফচিআইৰ চাউল কঢ়িয়াই অনা চাউলসহ দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।

সঁজাতী দলটোৱে চাউলসহ ট্ৰাক দুখন ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰ প্ৰাংগনত জব্দ কৰিবলৈ সক্ষম হয়। এখন লক্ষীপুৰ আৰু এখন গৰৈমাৰী অঞ্চলৰ পৰা চোৰাংভাৱে চাউল কঢ়িয়াই আনিছিল।

উল্লেখযোগ্য যে, এফচিআইৰ চাউল নতুনকৈ পেকেজিং কৰি বিক্ৰী কৰা হয় । জব্দ কৰা ট্ৰাক দুখনত নতুনকৈ পেকেজিং কৰা চাউলৰ বস্তাৰ লগতে উদ্ধাৰ কৰা হৈছে ভাৰতীয় খাদ্য নিগমৰ খালী মোনা । ট্ৰাক দুখনত প্ৰায় ২৮ টন চাউল থকাৰ কথা পোহৰলৈ আহিছে ।

জব্দ কৰা ট্ৰাক দুখনৰ এখনৰ নম্বৰ AS01 NC 6842 । আনহাতে, আনখন ট্ৰাক নম্বৰবিহীন নতুনকৈ ক্ৰয় কৰা । দীৰ্ঘদিন এফচিআইৰ চাউলৰ কলা ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপন কৰা হৈছে । এক কথাত ক’ব লাগিব যে, দৰিদ্ৰ লোকৰ মুখৰ ভাত কাঢ়ি একাংশ অসাধু ব্যৱসায়ীয়ে এফচিআইৰ চাউলৰ ৰমৰমীয়া বেহা চলাই অহাৰ অন্তৰালত সমবায় সমিতি সমূহৰ বিষয়া কৰ্মচাৰীৰ হাত থকাৰ কথা নুই কৰিব নোৱাৰি ।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ সা:সম্পাদক প্ৰদীপ ৰাভা, বিত্ত সম্পাদক ফুলেশ্বৰ ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অংকুৰ কে.ৰাভা, খেল সম্পাদক নিৰঞ্জন ৰাভা, বকো আঞ্চলিকৰ সম্পাদক দিব্য ৰাভাৰ উপস্থিতিত ঘটনা সন্দৰ্ভত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই সংবাদ মাধ্যমৰ আগত কয়, “দুখীয়া মানুহৰ বাবে প্ৰদান কৰা খাদ্য নিগমৰ চাউলৰ চোৰাং ব্যৱসায় অতি সোনকালে বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰা হৈছে ।”

বিগত দিন ধৰি বৃহত্তৰ অঞ্চলকেইটাত অবাধ গতিত ভাৰতীয় খাদ্য নিগমৰ চাউল গোপনে বিক্ৰী হৈ অহাৰ কথা উল্লেখ কৰি অনাগত দিনত ইয়াৰ বিৰুদ্ধে নিজাববীয়াকৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে । মনকৰিবলগীয়া যে, আন একাংশ ব্যৱসায়ীয়ে এফচিআইৰ চাউল বজাৰ অথবা গেলামালৰ দোকানত প্ৰতি কেজি ১৭/১৮ টকা মূল্যত বিক্ৰী কৰি একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ মুৰত ৰাম টাঙোন সোধাইছে । ১৭/১৮ টকা মূল্যত চাউল ক্ৰয় কৰাত ধান খুন্দা মিলৰ স্বত্বাধিকাৰী শসকল বিপাঙত পৰিছে । সম্প্ৰতি এফচিআইৰ চাউল ভৰ্তি ট্ৰাক দুখন বকো আৰক্ষীক গতাই দিছে সংগঠনটোৱে ।

Exit mobile version