বজ্ৰ পৰি থানবান গৰৈমাৰীৰ এটা পৰিয়াল, পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

নেৰা নেপেৰা বৰষুণৰ ফলত নৈ-উপনৈবোৰৰ বুকু উফন্দি উঠিছে । ফলত বানপানীয়ে ঘৰ-দুৱাৰ, খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে । হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ।

সপোনৰ ঘৰখন পানীৰ তলত । পথাৰৰ সোণগুটি পানীৰ তলত । আনফালে, ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপ কমা নাই ৷ ইয়াৰ মাজতে বজ্ৰ পৰি ছাৰখাৰ হ’ল এটা পৰিয়ালৰ বাসগৃহ ।

কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই দুখজনক ঘটনা ৷ গৰৈমাৰীৰ হাতীশলাপামৰ দৰিদ্ৰ আছাদ আলীৰ বাসগৃহত বজ্ৰ পৰি ঘৰৰ ভিতৰৰ সকলো সা-সামগ্ৰীৰ লগতে পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে । হিয়া ধাকুৰি কান্দিছে পৰিয়ালৰ লোকে ।

বজ্ৰপাতৰ ফলত সংঘটিত হোৱা অগ্নি কাণ্ডৰ ফলত আছাদ আলীৰ সকলো নথিপত্ৰ জুইত জাহ যায় ৷

এই মুহূৰ্তলৈ আছাদ আলীক সহায় কৰিবলৈ যোৱা নাই জৰুৰীকালীন সেৱাত কৰ্মৰত কোনো এজন বিষয়া-কৰ্মচাৰী ৷

আনহাতে, স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে ওচৰৰ কে’বাটাও পৰিয়ালৰ বাসগৃহ ।

Exit mobile version