সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত পানীৰ ৰুদ্ৰমূৰ্তি

WhatsApp Image 2022 05 20 at 5.59.44 PM

প্ৰকৃতিৰ নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত পহিলা জেঠতে গোটেই অসমত বানপানী‌ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সমান্তৰালভাৱে ধেমাজী, লক্ষ্মীপুৰ আৰু মাজুলীবাসীৰ বাবে ভয়ৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প, অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখ পাহাৰত অৱস্থিত সৰ্ববৃহৎ ২০০০মেগাৱট সোৱণশিৰী এই জলবিদ্যুৎ প্ৰকল্পটো ৷

অসমৰ প্ৰত্যেক স্থানৰ মানুহে এই প্ৰকল্পতো নিৰ্মাণত বিৰোধী ভূমিকা গ্ৰহণ কৰি আহিছে যদিও সকলোৰে কথা আওকাণ কৰি কংগ্ৰেছ আৰু বিজেপি চৰকাৰে বলপূৰ্বকভাৱে উক্ত প্ৰকল্পটো নিৰ্মাণ কৰি প্ৰায় শেষ কৰা পৰিলক্ষিত হৈছে ৷ শাসনত থকা বা শাসন কৰি যোৱা সকলো চৰকাৰে এবাৰো ভবা নাই নামনি অংশত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ বিষয়ে । যাৰ ফলত বাৰিষা প্ৰকল্পটোৰ ফেনে-ফুটুকাৰে উফন্দি অহা পাণীৰ প্ৰকোপ দেখি স্তম্ভিত হৈ পৰে নামনি অংশৰ বাসিন্দাসকল ৷

বৰ্তমান প্ৰকল্পটো নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই সকলোৱে ভয়ে সংশয়ে জীৱন অতিবাহিত কৰা পৰিলক্ষিত হৈছে ৷ প্ৰকল্পটো নিৰ্মাণ কৰি শেষ হোৱাৰ পাছৰ অৱস্থা কি হ’ব ৷ বৰ্তমান অতিৰিক্ত বৰষুণৰ ফলত মূল বান্ধৰ পৰা সুৰংগ পথেৰে পানী সোৱণশিৰী নদী সংযোগী কৰাত বৰ্তমান প্ৰৱল ঢৌ, ফেনে-ফুটুকাৰে ওফন্দি আহিছে ৷ তাৰ পৰাই অনুমান কৰিব পাৰি ওপৰৰ অংশত থকা সুৰংগ পথেদি যদি পানী এৰে তেন্তে কিমান ভয়ানক হৈ পৰিব সোৱণশিৰি নৈ পৰিয়া জনবসতি পৰিয়ালসমূহৰ ৷

Exit mobile version