Indian Films : সকলো ছবিতে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ ল’গ’ৰ ব্যৱহাৰ বাধ্যতামূলক, প্রযোজকসকলক জনালে ছেন্সৰ ব’র্ডে

1653033995 1 9

স্বাধীনতাৰ ৭৫ বছৰৰ উদ্‌যাপনত অংশগ্ৰহণ কৰক প্রতিটো ভাৰতীয় ছবিয়ে । এই পথ অৱলম্বন কৰিব বিচাৰে চেন্ট্রেল ব’র্ড অৱ ফিল্ম চার্টিফিকেছনে (চিবিএফচি) । স্বাধীনতাৰ হীৰক জয়ন্তীত ‘আজাদি কা অমৃত মহোৎসৱ’ উদ্‌যাপন কৰিছে ভাৰত চৰকাৰে । তাতেই ভাৰতীয় চলচ্চিত্রক অন্তৰ্ভুক্ত কৰিব বিচাৰে ছেন্সৰ ব’র্ডে ।

‘আজাদি কা অমৃত মহোৎসৱ’ উপলক্ষে এটা বিশেষ ল’গ’ তৈয়াৰ কৰিছে কেন্দ্র‌ই । বিভিন্ন চৰকাৰী কাৰ্যত এই ল’গ’ৰ ব্যৱহাৰ কৰা হয় । সেই পৰিকল্পনাৰেই এইবাৰ প্রতিটো ভাৰতীয় ছবিত ব্যৱহৃত হ‌ওক এই বিশেষ ল’গ’ । এই মর্মে বৃহস্পতিবাৰে এটা জাননী জাৰি কৰিছে চিবিএফচি-য়ে ।

ছবিৰ প্রযোজকসকলক উদ্দেশ্যি জাৰি কৰা এই বিজ্ঞপ্তিত কোৱা হৈছে, ‘সমস্ত ভাৰতীয় ছবিৰ প্রযোজকসকলক আবেদন, ছবিত ‘আজাদি কা অমৃত মহোৎসৱ’-ৰ ল’গ’ ব্যৱহাৰ কৰক । ২০২২-২০২৩ৰ ভিতৰত প্ৰস্তুত সকলো ছবিতে ব্যৱহাৰ কৰা হ‌ওক এই বিশেষ চিহ্ন । সমস্ত শৈল্পিক কাৰ্যত এইদৰেই ল’গ’ থাকিব লাগিব ।’

স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে তৈয়াৰ কৰা এই ল’গ’টো পোৱা যাবে ‘অমৃত মহোৎসৱ’-ৰ বিশেষ ৱেবছাইটত । জাননীত এই কথাও উল্লেখ কৰিছে চিবিএফচি-য়ে ।

Exit mobile version