Navjot Singh Sidhu : আত্মসমর্পণৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰিলে এবছৰৰ কাৰাদণ্ড লাভ কৰা সিধুৱে

1283194 nav

অনিচ্ছাকৃত হত্যাৰ এটা গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তেওঁক এবছৰৰ কাৰাদণ্ড ঘোষণা কৰি শীঘ্ৰে আত্মসমর্পণৰ নির্দেশ দিছিল । নির্দেশমৰ্মে শুকুৰবাৰে পটিয়ালা আদালতত আত্মসমর্পণৰ বার্তাও দিছিল কংগ্রেছ নেতা তথা প্রাক্তন ৰাষ্ট্ৰীয় ক্রিকেটাৰ নভজ্যোৎ সিং সিধুৱে । কিন্তু তেওঁৰ অধিবক্তা অভিষেক মনু সিংঘভিয়ে শুকুৰবাৰে শীর্ষ আদালতক সিধুৰ আত্মসমর্পণৰ বাবে এসপ্তাহৰ সময় দিয়াৰ আবেদন জনাইছে ।

শুকুৰবাৰে পুৱাৰ পৰাই সিধুৰ পটিয়ালাৰ বাসগৃহৰ সন্মুখত কংগ্রেছ নেতা-কর্মীসকলৰ ভিৰ পৰিলক্ষিত হয় । পটিয়ালা জেলা কংগ্রেছ সভাপতি নৰেন্দ্র পাল লালি, প্রাক্তন বিধায়ক সুৰজিৎ সিং ধীমানো আছিল । দলৰ নেতা-কর্মীসকলৰ স’তে বহু সময় কথা পাতে পঞ্জাৱ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতিয়ে । তাৰ মাজতেই খবৰ আহে, সিধুৰ অধিবক্তাই আত্মসমর্পণৰ বাবে সময় বিচাৰি শীৰ্ষ আদালতত আবেদন জনাইছে ।

প্রসংগত, ১৯৮৮-ৰ ২৭ ডিচেম্বৰত পটিয়ালাত গাড়ী পার্কিঙক কেন্দ্র কৰি গুৰনাম সিং নামে এজন ব্যক্তিৰ স’তে সংঘৰ্ষত লিপ্ত হয় সিধু আৰু তেওঁৰ বন্ধু ৰুপিন্দ্র সিং সান্ধু । অভিযোগ অনুসৰি, গুৰনামক গাড়ীৰ পৰা জোৰ কৰি ওলিয়াই আনি মাৰধৰ কৰে তেওঁলোকে । এই ঘটনাৰ কিছুদিন পাছতেই মৃত্যু হয় গুৰনামৰ ।

এই গোচৰত নিম্ন আদালতত মুক্তি পায় যদিও ২০০৬-ত পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়ত অনিচ্ছাকৃত হত্যাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল সিধু । উচ্চ ন্যায়ালয়ৰ ৰায়ত তেওঁৰ তিনি বছৰৰ কাৰাদণ্ড হয় । কিন্তু, পাছৰ বছৰ সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় সিধু ।

শীৰ্ষ ন্যায়ালয়ে ২০১৮-ৰ আৰম্ভণিতে পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ৰ সেই ৰায় বাতিল কৰি সিধুক এহেজাৰ টকা জরিমানা বিহে । ইয়াৰ পাছতেই তেওঁ অমৃতসৰ কেন্দ্রৰ পৰা বিধানসভা নির্বাচনত জয়ী হয় । মন্ত্রীও হয় । কিন্তু সেই বছৰেই শীৰ্ষ ন্যায়ালয়ত এই ৰায় পুনর্বিবেচনাৰ আবেদন কৰে গুৰনামৰ পৰিয়ালবৰ্গই । সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ৰিভিউ বেঞ্চে পুনর্বিচাৰৰ নির্দেশ দিয়ে ।

পটিয়ালা ন্যায়ালয়ে প্রমাণৰ অভাৱত মুক্তি দিলেও বৃহস্পতিবাৰে শীর্ষ আদালতত দোষী সাব্যস্ত হয় সিধু । ইয়াৰ পাছতেই তেওঁ টুইটাৰত জনায়, বিচাৰবিভাগৰ নির্দেশ মানি আত্মসমর্পণ কৰিব ।

Exit mobile version