Russia Ukraine War : নেটোত যোগ : আবেদন ফিনলেণ্ড-ছুইডেনৰ

3500

ৰাছিয়া-ইউক্রেইন যুদ্ধ সমাপ্ত হোৱাৰ হয়তো এতিয়াই কোনো ইংগিত নাই । কিন্তু ৰুছ ক্ষেপণাস্ত্রৰ প্ৰকোপ কিছু কমিছে । ঘনঘন পৰমাণু আক্ৰমণৰ হুমকি নাই । ৰুছ যুদ্ধবিমানৰ অতর্কিতে আক্ৰমণ আৰু গোলাবর্ষণৰ খবৰো কমকৈ পোৱা গৈছে । তেওঁলোক এতিয়া ইউক্রেইনৰ ডনবাস অঞ্চলতে সীমাবদ্ধ । বাকী সকলো ঠাইৰ পৰা তেওঁলোকৰ সেনা প্রত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে ইউক্রেইনৰ বাহিনীয়ে । যুদ্ধৰ গতিপথ যে পৰিৱৰ্তন হৈছে, সেয়া স্পষ্ট । কেৱল সেয়াই নহয়, ইউক্রেইনৰ হৈ ইউৰোপৰ কোনো দেশেই হয়তো যুদ্ধক্ষেত্রত নমা নাই, কিন্তু সমগ্ৰ বিশ্ব‌ই ইউৰোপৰ আগ্নেয়াস্ত্রৰ নল পোনাই আছে ৰাছিয়াৰ দিশে !

ৰাছিয়া সীমান্তৰ কাষতে, পূৱ ইউৰোপত প্ৰস্তুত হৈ আছে নেটোৰ প্ৰায় ৪০ হেজাৰ সেনা । ২০২১ৰ ফেব্রুৱাৰীত মাত্র ৪৬৫০ সেনা প্ৰত্যক্ষভাৱে নেটোৰ তত্ত্বাৱধানত নিযুক্ত আছিল । সম্প্ৰতি ই সংখ্যাত ১০ গুণ । ৰাছিয়াক আৱৰি থকা লাটভিয়া, লিথুয়ানিয়া, পোলেণ্ড আৰু এষ্টোনিয়াত নিযুক্ত আছিল এই দলটো । ইউক্রেইনত ৰুছ আগ্রাসনৰ পাছত এই চাৰিটা দেশৰ উপৰিও শ্ল’ভাকিয়া, হাংগেৰী, ৰোমানিয়া আৰু বুলগেৰিয়াত নতুন চাৰিটা যুদ্ধক্ষেত্র তৈয়াৰ হৈছে । নেটোৰ বাহিনী প্ৰস্তুত হৈ আছে তাতেও ।

পোলেণ্ডে তাৰ সেনা-সংখ্যা বৃদ্ধি কৰি ১০১০ৰ পৰা ১০,৫০০ কৰিছে । তদুপৰি, ইউৰোপজুৰি আমেৰিকাৰ প্ৰায় এক লাখ সেনা নিযুক্ত আছে । ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰম্ভণিৰ পৰাই হুমকি দি আহিছে, যিসমূহ দেশে ইউক্রেইনক সহায় কৰিছে, তেওঁলোকে চৰম পৰিণতি ভুগিব লাগিব । পৰমাণু অস্ত্রৰ ভয় দেখুৱাইছে মস্কোৱে । নেটোত যোগ দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়নি দি‌য়া হৈছে । কিন্তু ইয়াৰ ফলাফল বিপৰীত হৈছে । ইউৰোপত আৰু বাঢ়িছে ৰুছ-বিৰোধী সামৰিক গোষ্ঠী । সমগ্ৰ ইউৰোপত নেটোৰ বাহিনী দ্বিগুণ হৈছে । ইউক্রেইনত ৰুছ আগ্রাসনৰ ফলত প্রতিৰক্ষাৰ ক্ষেত্ৰত আর্থিক বিনিয়োগ নাটকীয়ভাৱে বৃদ্ধি কৰিছে নেটোৱে । নতুনকৈ প্ৰস্তুত কৰা হৈছে সাংগঠনিক নীতি ।

আজি নেটোত যোগ দিবলৈ আনুষ্ঠানিকভাৱে আবেদন জনালে ছুইডেন আৰু ফিনলেণ্ডে । নেটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টোলেনবার্গে জনায়, ছুইডেন আৰু ফিনলেণ্ডৰ বিষয়ে দ্রুত সিদ্ধান্ত হ’ব ।

তুৰস্ক‌ই আজিও জনাইছে, তেওঁলোকে এই দুই দেশৰ আগমনক সমর্থন নকৰে । নেটোৰ ‘প্রবীণ’ সদস্য তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এর্দোগানে স্পষ্টভাৱে কয়, ‘‘ফিনলেণ্ড আৰু ছুইডেনক নেটোৰ সদস্যপদ দিবলৈ তেওঁলোক প্ৰস্তুত নহয় ।’’ ব্রিটেইন আৰু আমেৰিকা অৱশ্যে এই দুই দেশৰ সমর্থনত ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয়, ‘‘এই দুই দেশত গণতন্ত্র আছে, শক্তিশালী সেনাবাহিনী আছে, শক্তিশালী আৰু স্বচ্ছ অর্থনীতি আছে । কোনটো সঠিক, সেয়া নির্ণয় কৰাৰ দৰে শক্তিশালী নৈতিক বোধো আছে । নেটোৰ সদস্য হ’বৰ বাবে যি যি প্রয়োজন, সকলোখিনিয়ে তেওঁলোকৰ আছে ।’’

ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে বহু আগতেই দুই দেশত গৈ তেওঁৰ সমর্থন জনাই আহিছে । পৃথককৈ দুই দেশৰ মাজত সামৰিক চুক্তি হৈছে । ফলত ব্রিটেইন-আমেৰিকাৰ সমৰ্থন আছে ছুইডেন-ফিনলেণ্ডৰ পক্ষত । তেওঁলোকে নেটোত যোগ দিয়া হয়তো সময়ৰ অপেক্ষাত ।

Exit mobile version