‘ধৰ্ষণ বন্ধ হওক !’ কাঁন চলচ্চিত্ৰৰ উৎসৱত প্ৰতিবাদ ইউক্ৰেইনৰ মহিলাৰ

Cannes 1

কাঁন চলচ্চিত্ৰৰ উৎসৱৰ (Cannes Film Festival ) ৰেড কাৰ্পেটত দৃষ্টি সকলোৰে । কোন চেলিব্ৰেটিয়ে কেনে ধৰণৰ পোছাক পৰিধান কৰিছে তাক লৈ চর্চা হয় বিশ্বজুৰি ।কিন্তু এইবাৰ এটা অন্য দৃশ্যই দেখা গ’ল ।

ৰেড কাৰ্পেটত ৰৈ নিজৰ পোছাক ফালি পেলালে এগৰাকী তৰুণীয়ে ।দেখা গ’ল যুৱতীগৰাকীৰ দেহত অংকন কৰা ইউক্ৰেইনৰ পতাকা । তাৰ ওপৰত, ইংৰাজীত লিখা হৈছে, ‘আমাক ধৰ্ষণ কৰা বন্ধ কৰক!’ ইয়াৰ বাহিৰেও, যুৱতী গৰাকীৰ গোটেই শৰীৰত তেজৰ দৰে ৰঙা দাগ ।

নিৰাপত্তাৰক্ষীসকলে লগে লগে ৰেড কাৰ্পেটৰ পৰা তেওঁক লৈ যায়। জেলেনস্কিয়ে আগতে কয়, ৰাছিয়াৰ সৈন্যৰ দ্বাৰা শ শ ইউক্ৰেনীয় মহিলাক ধৰ্ষণ কৰাৰ খবৰ পাইছে অনুসন্ধানকাৰীসকলে । ৰেহাই পোৱা নাই শিশুসকলেও।

যুদ্ধৰ গতি হ্ৰাস হোৱাৰ লগে লগেই ইউক্ৰেইন -পুনগঠনক লৈ আলোচনা আৰম্ভ কৰি দিছে বিশ্বৰ ধনীতম দেশসমূহৰ গোট জি-৭- ।

Exit mobile version