মেকুৰীৰ জৰিয়তে লাখপতি হ’ল মহিলা ,৯৫ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

07CAT STRIPES mediumSquareAt3X v2

মেকুৰীৰ জৰিয়তে কোনো ব্যক্তিয়ে লাখ লাখ লাভ কৰা বুলি ক’লে আপুনি নিশ্চয় বিশ্বাস কৰিবলৈ টান পাব। মেকুৰীৰ জৰিয়তে লাখ টকা উপাৰ্জন কৰাটো কেনেকৈ সম্ভব?

ADVERTISEMENT

আপুনি কল্পনা কৰিব নোৱাৰিলেও সত্য, আমেৰিকাত এগৰাকী মহিলা তেওঁৰ পোহনীয়া মেকুৰীৰ জৰিয়তে ৯৫ লাখ টকাৰ অধিকাৰী হ’ল। এই ঘটনা সংঘটিত হ’ল ৱাশ্বিংটনত।

দৰাচলতে একাংশ লোকে এটা মেকুৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতত গোচৰ দি কৈছিল যে উক্ত মেকুৰীটোৱে আন পোহনীয়া জন্তুক আতিশয্য চলাই আছে। এই গোচৰতে আদালতে মেকুৰীটোক দোষী সাব্যস্ত কৰি গৰাকীক জৰিমনা বিহিছিল আৰু গৰাকীয়ে উচ্চ কৰ্তৃপক্ষৰ কাষ চপাত ৯৫ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিলে মহিলাই।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৱাশ্বিংটনত এগৰাকী মহিলাই মিস্কী নামৰ এটা মেকুৰী পুহিছিল। মিস্কাৰ মালিকৰ নাম হৈছে অন্না ডনেলী। ২০১৯ত অন্নাৰ প্ৰতিৱেশীয়ে মিস্কা বিৰুদ্ধে অভিযোগ তুলি আদালতৰ দ্বাৰস্থ হৈছিল।

মিস্কাই আন জন্তুক আমনি কৰা বুলি প্ৰতিৱেশীয়ে অভিযোগ দিছিল। আদালতে বিচাৰ চলাই মিস্কাক দোষী সাব্যস্ত কৰি এনিমেল চেণ্টাৰলৈ প্ৰেৰণ কৰে আৰু অন্নাক ২৩ লাখ টকাৰ জৰিমনা বিহে। ইয়াৰ পাছত অন্নাই আদালতৰ কাষ চাপি এই ৰায়ৰ বিৰুদ্ধে পুনৰ গোচৰ তৰে।

উচ্চ আদালতে বিচাৰ চলাই মিস্কাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নাছিল বুলি নিশ্চিত কৰে আৰু মিস্কাৰ গৰাকীক ৯৫ লাখ টকাৰ ক্ষতিপূৰ্ণ দিবলৈ কর্তৃপক্ষক নির্দেশ দিয়ে। এইদৰে এটা মেকুৰীৰ জৰিয়তে ৯৫ লাখ টকা লাভ কৰিলে অন্নাই।

Exit mobile version