সলনি হ’ব এটিএমৰ পৰা ধন সংগ্ৰহৰ পদ্ধতি

986002 atm

দেশত ডিজিটেল লেনদেন ব্যৱস্থা জনপ্ৰিয় হোৱাৰ লগে লগে এটিএমৰ ব্যৱহাৰ হ্ৰাস পাবলৈ ধৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)-এ দেশৰ সকলো বেংকক এটিএমৰ পৰা ধন সংগ্ৰহৰ ক্ষেত্ৰত গ্ৰাহকক ‘কাৰ্ডলেছ’ অৰ্থাৎ এটিএম কার্ডবিহীন ব্যৱস্থা প্ৰদান কৰিবলৈ নিৰ্দেশ দিলে।

আৰবিআইৰ এই নতুন নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ পাছত এটিএমৰ জৰিয়তে ধন উলিওৱাৰ পদ্ধতি সলনি হ’ব। ‘কাৰ্ডলেছ’ পদ্ধতিৰে এটিএমৰ পৰা ধন উলিয়ালে গ্রাহকসকল একাধিক দিশত সুৰক্ষিত আৰু উপকৃত হ’ব।

এই পদ্ধতি প্রবর্তিত হ’লে এটিএম কাৰ্ডৰ ক্ল’নিং, কাৰ্ড স্কিমিংগ আৰু আন ধৰণৰ বেংক প্ৰবঞ্চনাৰ ঘটনা ৰোধ কৰাটো সম্ভৱ হ’ব। ‘কাৰ্ডলেছ’ পদ্ধতিত এটিএমৰ পৰা ধন সংগ্ৰহৰ বাবে বেংকৰ গ্ৰাহকক ডেবিট বা ক্রেডিট কাৰ্ডৰ প্ৰয়োজন নহ’ব।

পেটিএম, গুগল পে’, এমেজন পে’, ফোন পে’ৰ দৰে ইউ পি আই পেমেণ্ট এপৰ মাধ্যমৰে বেংক একাউণ্ট ধাৰকে এটিএমৰ পৰা ধন উলিয়াব পাৰিব৷ ‘কাৰ্ডলেছ’ লেনদেন ব্যৱস্থা বর্তমানেও একাংশ বেংকে গ্রাহকক প্ৰদান কৰিছে।

Exit mobile version