China- Pakistan: নিজৰ নাগৰিকসকলৰ সুৰক্ষাত পাকিস্তানত সেনা ঘাটি তৈয়াৰ কৰিব বিচাৰে চীনে

1652712323 china2

বেইজিঙে পাকিস্তানৰ ভূমিত চীনা সামৰিক ঘাটি নিৰ্মাণৰ অনুমতি দিবলৈ ইছলামাবাদক নিৰন্তৰ হেঁচা প্ৰয়োগ কৰি আহিছে। যোৱা মাহত কৰাচীত চীনাসকলৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা বেইজিঙে দাবী, তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে পাকিস্তানত এটা সেনা শিবিৰ নিৰ্মাণৰ প্ৰয়োজন।

চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ প্ৰকল্পত হেজাৰ হেজাৰ চীনা শ্ৰমিকে পাকিস্তানৰ কৰাচী, বালুচিস্তান, গিলগিট-বাল্টিস্তানত কাম কৰি আছে। এমাহ আগতে, ‘বেলুচিস্তান লিবাৰেচন আৰ্মী’ (বিএলএ) ৰ মহিলা আত্মঘাতি উগ্ৰপন্থীয়ে কৰাচী বিশ্ববিদ্যালয় চৌহদত এখন ভান বিস্ফোৰণ কৰিছিল।

তাতে তিনিজন চীনা নাগৰিক আৰু তেওঁলোকৰ পাকিস্তানী চালক নিহত হয়। তেতিয়াৰ পৰাই, কামৰ সূত্ৰে পাকিস্তানত বাস কৰা তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে চীনে ।

তেওঁলোকে তৎক্ষণাৎ পাকিস্তানত নিজা সেনা ঘাটি তৈয়াৰ কৰিব বিচাৰে। তেওঁলোকে ইছলামাবাদৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে। চীনে ইতিমধ্যে বিভিন্ন ঠাই চাবলৈ আৰম্ভ কৰিছে।

পাকিস্তানৰ যিবোৰ অঞ্চলত আমেৰিকাৰ প্ৰভাৱ আছিল, বিশেষকৈ শীতল যুদ্ধৰ সময়ত, তেওঁলোকৰ প্ৰিয় তালিকাত আছে।

সূত্ৰ অনুসৰি, চীনেও তেওঁলোকক সেনা ঘাটি নিৰ্মাণৰ বাবে পাকিস্তান চৰকাৰৰ অনুমোদনৰ বিনিময়ত কিছু সুবিধা দিবলৈ ইচ্ছুক। উদাহৰণ স্বৰূপে, পাকিস্তানৰ কান্ধত থকা ঋণৰ বোজা অলপ ৰেহাই ।

তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে বেইজিংলৈ ইছলামাবাদৰ বকেয়া ঋণৰ বিষয়টো সুবিধাজনক চৰ্তাৱলীত চোৱা হ’ব।

চীন পাকিস্তানৰ অন্যতম মিত্ৰদেশ। কিন্তু বালুচিস্তানত বাৰে বাৰে আক্ৰমণ চিকাৰ হৈছে চীনৰ নাগৰিকসকল । বিশেষকৈ, তেওঁলোকক লক্ষ্য কৰিছে স্থানীয় সন্ত্ৰাসবাদী সংগঠন বিএলএ ।

Exit mobile version