Side Effects of Fenugreek Water : মেথি পানীৰ উপকাৰী, কিন্তু সকলোৰে বাবে নহয় ! কোনে খাব নালাগে

1653069893 methi water

দৈনিক পুৱা মেথি তিয়াই থোৱা পানী খোৱাৰ অভ্যাস বহুতৰে আছে ।ওজন হ্ৰাস কৰা, শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱা ,কৰা, গাঁঠিৰ বিষ হ্ৰাস কৰা, হজম বৃদ্ধি কৰাত মেথিয়ে যথেষ্ট সহায় কৰে । ডায়েবেটিচ বা চুলি সৰাৰ সমস্যা হ্ৰাস কৰিবলৈ মেথি তিয়াই থোৱা পানীৰ ওপৰতো নিৰ্ভৰ কৰিব পাৰে।

যদিও মেথিপানী স্বাস্থ্যকৰ, মেথি বহুতৰ বাবেই উপকাৰী নহয়। কিছু কিছু লোকৰ ক্ষেত্ৰত মেথিয়ে সমস্যাৰ সৃষ্টি কৰে ।

কোনে মেথিৰ পানী খাব নালাগে ?

(১) অন্তঃসত্ত্বাৰ সময়ত মেথি বা মেথিপানী নোখোৱাই ভাল। ই মাতৃ আৰু কেঁচুৱাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

(২) হাপানীৰ সমস্যা থাকিলেও, মেথি খোৱাটো সঠিক নহয়। ইয়াৰ ফলত উশাহ চুটি হ’ব পাৰে, হাপানি বৃদ্ধি হ’ব পাৰে।

(৩) পেট বেয়া থাকিলেও মেথিপানী পৰিহাৰ কৰা ভাল। মেথিয়ে পেটৰ সমস্যা আৰু বৃদ্ধি কৰিব পাৰে।

(৪) মেথি খালে খজুৱাই ? মেথি বা মেথিপানী খালে ছালত বিভিন্ন প্ৰকাৰৰ এলাৰ্জি হ’ব পাৰে। যিসকলে এনে হয়, তেওঁলোকে মেথি পানী পৰিহাৰ কৰক।

(৫) মেথিপানীয়ে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ফলস্বৰূপে, যিসকলৰ ৰক্ত শৰ্কৰাৰ স্তৰ কম, তেওঁলোকে অধিক মেথি নাখোৱাই ভাল।

Exit mobile version