Uttrakhand : যমুনোত্ৰীৰ পথত আৱদ্ধ ১০ হেজাৰ পুণ্যোৰ্থী !

1653114026 yamunotri highway

প্ৰাকৃতিক দুৰ্যোগৰ বাবে উত্তৰাখণ্ডৰ যমুনোত্ৰীত আৱদ্ধ হৈ আছে প্ৰায় ১০ হেজাৰ পুণ্যোৰ্থী । আশ্ৰয়ৰ অভাৱৰ বাবে, তেওঁলোকৰ বহুসংখ্যকে যমুনোত্ৰীলৈ যোৱা ৰাস্তাতে ৰাতিটো কটাবলৈ বাধ্য হৈছে।

ইয়াৰ ফলত ৰাস্তাটোৰ যান-বাহন চলাচল বন্ধ হৈ হৈছে বুলি স্থানীয় প্ৰশাসনৰ সূত্ৰই জনাইছে ।

ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰকাশী আৰু চামোলী জিলাৰ বিভিন্ন অংশত ইতিমধ্যে ভূমিস্খলন হৈছে। ইতিমধ্যে ৰাস্তাৰ কাষত দেৱালৰ কেবাটাও অংশ খহি পৰিছে।

এই পৰিস্থিতিত, যদি আৱদ্ধ তীৰ্থযাত্ৰীসকলক সোনকালেই উদ্ধাৰ কৰা নহয়, তেন্তে এক ডাঙৰ দুৰ্যোগৰ সম্ভাৱনা আছে বুলি আশংকা কৰা হৈছে।

উত্তৰকাশী জিলাৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি কিছুমান ভক্তক সৰু গাড়ীত কম কম পৰিমাণে উদ্ধাৰ কৰা হৈছে। কিন্তু বাছসমূহ আঁতৰাবলৈ আৰু যাত্ৰীবাহী বাছৰ বাবে পথটো উপযুক্ত কৰি তুলিবলৈ কমেও তিনি দিন লাগিব। উত্তৰাখণ্ড চৰকাৰে এই পৰিস্থিতিত আৱদ্ধ চাৰধাম যাত্ৰীসকলক সুৰক্ষিত আশ্ৰয় আৰু খাদ্য প্ৰদান কৰিবলৈ চেষ্টা কৰি আছে।

Exit mobile version