কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ, এদিনত গণছুটিৰ পথত ৩৫ হেজাৰ ষ্টেচন মাষ্টাৰ ! স্তব্ধ হ’ব পাৰে ৰেল সেৱা

51134987

অভিনব সংকতত ভাৰতীয় ৰেল (Indian Railway)। এইবাৰ, ষ্টেচন মাষ্টাৰৰ বিক্ষোভত দেশৰ বিভিন্ন প্রান্ততস্তব্ধ হৈ যাব পাৰে ৰে’ল সেৱা । শেষ পর্যন্ত যদি তেওঁলোকে সিদ্ধান্তত অটল থাকে, তেনেহ’লে ডাঙৰ সমস্যাত পৰিব পাৰে ভাৰতীয় ৰেল ।

সূত্ৰৰ খবৰ অনুসৰি,অল ইণ্ডিয়া ষ্টেচন মাষ্টাৰ্ছ এছ’চিয়েশ্যনে (All Indian Station)নামৰ ষ্টেছনৰ মাষ্টাৰৰ এটা সংগঠনে অহা ৩১ মে’ত দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে । এই সংগঠনৰ মুঠ ৩৫ হেজাৰ সদস্য ৩১ মে’ত গণছুটিৰ বাবে আবেদন কৰিছে ।

তেওঁলোকৰ অভিযোগ ,২০২০ চনৰ পৰা কেন্দ্ৰৰ ওচৰত কেবাটাও দাবী দাখিল কৰা হৈছে যদিও কিন্ত চৰকাৰে তেওঁলোকৰ দাবীক মনোযোগ দিয়া নাই।

আইএছএমএ-নামৰ এই সংগঠনটোৰ এজন নেতা জনাইছে, তেওঁলোকে ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষলৈ তেওঁলোকৰ দাবীসমূহ লিখি পত্ৰও প্ৰেৰণ কৰিছিল, কিন্তু কাম নহ’ল।

ষ্টেচন মাষ্টাৰৰ দাবীবোৰ কি? সংগঠনটোৰ মতে, চৰকাৰে ২০২০ চনৰ পৰা সকলো খালী পদৰ বাবে কৰ্মচাৰী নিয়োগ, ৰে’লৱেৰ ব্যক্তিগতকৰণ বন্ধ কৰা,, উপযুক্ত সুৰক্ষা প্ৰদান আদিৰ দৰে কেবাটাও দাবীত আন্দোলন কৰি আহিছে।

বিভিন্ন ধৰণে বাৰে বাৰে কেন্দ্ৰৰ ওচৰত তেওঁলোকৰ দাবী দাখিল কৰাৰ পাছতো, ইয়াক পূৰণ কৰা হোৱা নাই। তেওঁলোকৰ দাবীবোৰ শান্তিপূৰ্ণভাৱে কৰাৰ সকলো প্ৰচেষ্টা স্বত্বেও, ই সহায় কৰা নাছিল। সেইকাৰণে তেওঁলোকে এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

আইএছএমএ নামৰ সংগঠনটোৰ দাবী, ৰে’ল ষ্টেচনৰ মাষ্টাৰসকলে গণছুটি ল’লে সমগ্ৰ সেৱা স্থবিৰ হৈ পৰিব পাৰে। ১৯৯৭ চনত এবাৰ, সকলো ষ্টেচন মাষ্টাৰে দুই মিনিটৰ বাবে ধৰ্মঘট কৰিছিল,তাতে সেৱা স্বাভাৱিক লৈ ঘূৰি আহিবলৈ দুই তিনিদিন লাগিছিল। যদি ষ্টেচন মাষ্টাৰসকলে গোটেই দিনটো কাম নকৰে, সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।

অৱশ্যে, কেন্দ্ৰই আশা কৰে যে চৰকাৰে এই সমস্যাৰ সন্মুখীন হ’ব নালাগে। সমস্যাটো আগতীয়াকৈ আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰি।

Exit mobile version