বাগসাৰ লাৱদাংগুৰিত বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ কাষত কাৰ্যবাহী সদস্য গৌতম দাস

212e9984 1e1b 4b5a 9212 601129341657

বাগসাৰ খাৰিজা বিজনীৰ লাৱদাংগুৰিত মানাহৰ বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ বুজ ল’লে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা মথনগুৰি সমষ্টিৰ এমচিএলএ গৌতম দাসে৷

যোৱা কিছুদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে উপদ্ৰপ চলাইছিল লাৱদাংগুৰি অঞ্চলটোত৷

কেবাটাও বন্যহস্তীয়ে অঞ্চলটোৰ বহুকেইটা বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে কৃষিভূমিত চলাইছিল তাণ্ডৱ৷তাৰ পাছতেই বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে উক্ত পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈ এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আওপুৰণি বৈদ্যুতিক বেৰসমূহৰ ঠাইত উন্নতমানৰ শক্তিশালী বৈদ্যুতিক বেৰ দিয়াৰ পোষকতা কৰে নেতাগৰাকীয়ে৷

এই সংক্ৰান্তত বিটিআৰৰ বনবিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যক সমস্যাটো অৱগত কৰে আৰু অচিৰেই এই সমস্যা সমাধান কৰাৰ কথা জানিবলৈ দিয়ে৷

কাৰ্যবাহী সদস্য গৌতম দাসৰ লগতে টিচিএলচিচিৰ অধ্যক্ষ বিনয় বৈশ্য, বাৰাপেটা ভিচিডিচিৰ অধ্যক্ষ চন্দ্ৰ প্ৰসাদ দাহাল, উত্তৰ খাৰিজা বিজনী ভিচিডিচিৰ উপাধ্যক্ষ অৰূপ দাস আৰু কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে৷

Exit mobile version