জ্ঞানবাপী মছজিদ বিতর্কৰ পৰিস্থিতিতেই কুতুব মিনাৰত খনন কার্যৰ নির্দেশ কেন্দ্ৰৰ

Qutub Minar

জ্ঞানবাপী মছজিদক (Gyanvapi Mosque) লৈ বিতর্কৰ মাজতেই প্রকাশ্যত আহিল আন এক চাঞ্চল্যকৰ ঘোষণা । কুতুব মিনাৰ (Qutub Minar) অঞ্চলত মাটি খনন কৰিবলৈ নির্দেশ দিছে কেন্দ্ৰ‌ই । শনিবাৰে সংস্কৃতিক পৰিক্ৰমা (Ministry of Culture) সচিব গোবিন্দ মোহনে ১২ জনৰ এটা দলৰ স’তে কুতুব মিনাৰ চৌহদ পৰিদর্শনত যায় । অঞ্চল পৰিদর্শন কৰাৰ পাছতেই ভূতত্ত্ব জৰীপ বিভাগক (এএছ‌আই) মাটি খান্দিবলৈ নির্দেশ দিয়ে তথ্য সচিবে ।

ইয়াৰ উপৰি এই চৌহদত যিবোৰ মূর্তি পোৱা গৈছে, তাৰ আইকন’গ্রাফি কৰিব লাগিব । অৱশ্যে এই খবৰ প্রকাশ্যত অহাৰ পাছতেই স্পষ্টিকৰণ দিছে কেন্দ্রীয় সংস্কৃতি মন্ত্রী জি কে ৰেড্ডিয়ে । তেওঁ কয়, “এই বিষয়ত এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই ।”

পৰিদর্শকসকলৰ দলত আছিল তিনিজন ইতিহাসবিদ, চাৰিজন এএছআই (ASI) বিষয়া । তদুপৰি কেইজনমান গৱেষকো আছিল । তথ্য অনুসৰি, সম্প্ৰতি কুতুব মিনাৰৰ দক্ষিণ দিশৰ পৰা খনন কাৰ্য আৰম্ভ কৰা হ’ব । খনন কাৰ্য চলাব লাগিব মিনাৰৰ পৰা ১৫ মিটাৰ দূৰলৈকে । অৱশ্যে কিমান দিনৰ ভিতৰত এই কাৰ্যৰ প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব, সেই বিষয়ত কোনো নির্দেশ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে । প্রসংগত, ১৯৯১ৰ পাছত কুতুব মিনাৰ চৌহদত কোনো খনন কাৰ্য চলোৱা হোৱা নাই ।

সাম্প্রতিক অতীতত এএছআই-ৰ প্রাক্তন বিষয়া ধৰমবীৰ শর্মাই কৈছিল, কুতুব মিনাৰ নিৰ্মাণ কৰা হৈছিল ৰাজা বিক্রমাদিত্যৰ আমোলত । তেওঁ সূর্যৰ পোহৰ পৰ্যবেক্ষণ কৰি দিক নির্ধাৰণ কৰিবৰ বাবে নিৰ্মাণ কৰিছিল এই মিনাৰ । ইয়াৰ উপৰি এই চৌহদৰ পৰা কৃষ্ণ, গণেশসহ বহু দেৱ-দেৱীৰ মূর্তি পোৱা গৈছে ।

বিশ্ব হিন্দু পৰিষদে দাবী কৰিছিল, কুতুব মিনাৰৰ নাম পৰিৱর্তন কৰি বিষ্ণু স্তম্ভ কৰিব লাগিব। তেওঁলোকৰ তৰফৰ পৰা আৰু কোৱা হৈছিল, ২৭ টা হিন্দু মন্দিৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছিল কুতুব মিনাৰ । সম্প্ৰতি এএছআই-ক নির্দেশ দিয়া হৈছে মাটি খুন্দি অনুসন্ধান চলাবলৈ ।

কুতুব মিনাৰৰ উপৰি আৰু দুই স্থানত খনন কাৰ্য চলাবলৈ নির্দেশ দিয়া হৈছে । মেহৰৌলিৰ লালকোট কিল্লা আৰু আনংগতাল অঞ্চলত খনন কাৰ্য চলিব । ইতিমধ্যে জ্ঞানবাপী মছজিদৰ জলাশয়ত শিৱলিংগ পোৱা গৈছে । সেই অঞ্চল ছিল কৰি দিয়া হৈছে । বিতর্কৰ পৰিস্থিতিতেই এই ঘোষণাৰ পাছত ধাৰণা কৰা হৈছে, জ্ঞানবাপীৰ দৰেই বিস্তাৰিতভাৱে অনুসন্ধান চলোৱা হ’ব পাৰে কুতুব মিনাৰতো ।

Exit mobile version