BA.4 Omicron : আতংকৰ সৃষ্টি কৰিছে বিএ.৪, কৰ’নাৰ নতুন ৰূপত দ্বিতীয় আক্রান্তৰ সন্ধান ওলাল ভাৰতত

omicrone delta 1639706778

অ’মিক্রনৰ নতুন ৰূপক লৈ শংকা বৃদ্ধি পাইছে ভাৰতত । এইবাৰ দেশত তীব্র সংক্রামক অ’মিক্রনৰ উপৰূপ বিএ.৪–ত আক্রান্ত দ্বিতীয় ব্যক্তিৰ সন্ধান পোৱা গ’ল । চেন্নাইৰ পৰা ৩০ কিলোমিটাৰ দূৰত চেংগলপাট্টু জিলাৰ নভালুৰৰ এজন বাসিন্দাৰ শৰীৰত পোৱা গৈছে এই ভাইৰাছ ।

ভাৰতত বিএ.৪ ৰূপত প্রথম আক্রান্তৰ সন্ধান পোৱা গৈছিল হায়দৰাবাদত । শুকুৰবাৰে এই ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন ৰূপৰ নমুনা পোৱা গৈছে । তথ্য অনুসৰি, সদ্য দক্ষিণ আফ্রিকাৰ পৰা হায়দৰাবাদত উভতিছিল এই লোকজন । তেওঁৰ সংস্পর্শত অহা সকলোকে, চিহ্নিত কৰাৰ কাম আৰম্ভ কৰে স্বাস্থ্য বিভাগে ।

ইয়াৰ মাজতেই শনিবাৰে দ্বিতীয় বিএ.৪ আক্রান্তৰ সন্ধান পোৱা গৈছে । তামিলনাডুৰ স্বাস্থ্যমন্ত্রীয়ে এই খবৰ দিছে ।

চলিত বৰ্ষৰ ১০ জানুৱাৰীত দক্ষিণ আফ্রিকাত প্রথম চিহ্নিত হয় অ’মিক্রনৰ উপৰূপ বিএ.৪ । দ্রুত এই ৰূপ বিয়পি পৰে সমগ্ৰ দক্ষিণ আফ্রিকাত । এই নতুন ৰূপত আক্রান্তসকলৰ শৰীৰত গুৰুতৰ কোনো উপসর্গ দেখা নাযায় । বিশেষজ্ঞসকলৰ মতে, বিএ.৪-এ শৰীৰৰ প্রতিৰোধ ক্ষমতাক প্রভাৱিত কৰিব পাৰে ।

Exit mobile version