COVID-19 : ক’ভিড আপডেট

1586419293 india 2

বৃহস্পতিবাৰৰ পৰা চাৰি দিন ধৰি ক’ভিডত দৈনিক সংক্রমিতৰ সংখ্যা দুহেজাৰৰ ওপৰতেই আছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত সংক্রমিতৰ সংখ্যা সামান্য কমি হৈছে ২,২২৬ । শনিবাৰে এই সংখ্যা আছিল ২,৩২৩ ।

তথ্য অনুযায়ী, যোৱা ২৪ ঘণ্টাত ২,২০২ জন ক’ভিডৰ প্রকোপৰ পৰা সুস্থ হৈ উঠিছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈ উঠিছে চাৰি কোটি ২৫ লাখ ৯৭ হেজাৰ তিনিজন ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, ভাৰতত দৈনিক সংক্রমণৰ শীর্ষত আছে কেৰালা । বিগত ২৪ ঘণ্টাত কেৰালাত আক্রান্ত হৈছে ৫৫৮ জন । ইয়াৰ পাছতে আছে দিল্লী (৪৭৯), মহাৰাষ্ট্র (৩০৭) আৰু হৰিয়ানা (২৩৫) । মণিপুৰ, নগালেণ্ড, ত্রিপুৰা, লক্ষদ্বীপ, দাদৰা আৰু নগৰ হবেলী আৰু দমন আৰু দিউ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এই পর্যন্ত ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা শূন্য ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ২৫ৰ পৰা বাঢ়ি হ’ল ৬৫ । ইয়াৰ মাজতে কেৰালাতেই মৃত্যু ৬৩ জনৰ । ইয়াৰ উপৰি উত্তৰ প্রদেশ আৰু দিল্লীত এজনৰ মৃত্যু হৈছে । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ দেশত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হ’ল ৫ লাখ ২৪ হেজাৰ ৪১৩ । বর্তমান দেশজুৰি ১৯২ কোটি ২৮ লাখ ৬৬ হেজাৰ ৫২৪ টিকাকৰণ হৈছে ।

Exit mobile version