Marriage : বিয়াৰ মাজতে অসুস্থ দৰা, মূৰত হাত দিওঁতেই কইনাৰ হাতত লাগি আহিল নকল চুলি ! তাৰ পাছত

1653214611 marriage

দৰাৰ মূৰত চুলি নথকাৰ বাবেই মণ্ডপত বিয়া ভাঙিলে কইনাই । ঘটনাটোক লৈ দুইপক্ষৰ মাজত হুলস্থলীয়া পৰিৱেশ ।অৱশেষত, আৰক্ষীৰ হস্তক্ষেপত, পৰিস্থিতি স্বাভাৱিক হৈ হয়। ঘটনাটো উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে ।

শুক্ৰবাৰে নিশা দিল্লীৰ পৰা উন্নাওৰ চুফীপুৰলৈ বিয়া কৰাবলৈ আহিছিল পংকজ । কইনাৰ ঘৰত জাকজমকতাৰে বিয়া আয়োজন কৰা হয়।

মালা পিন্ধিবলৈ হাইড্ৰ’লিক প্লেটফৰ্ম তৈয়াৰ কৰা হৈছিল আৰু সেই মঞ্চত গৈ উপস্থিত হ’ল দৰা আৰু কইনা । মঞ্চখন ঘূৰি আছিল, আৰু মালা সলনি কৰাৰ হৈছিল ।

মালা পিন্ধোৱাৰ শেষত দুয়ো মঞ্চৰ পৰা নামি অহাৰ লগে লগে পংকজে হঠাতে জ্ঞান হেৰুৱালে। এনে কাণ্ডত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বিয়াঘৰত ।চিন্তাত পৰিছে পংকজৰ নৱবিবাহিত পত্নীও ।

পংকজক ধৰা ধৰি কৰি শুৱাই দিয়া হৈছিল। পংকজক সুস্থ কৰিবলৈ তেওঁৰ চকুত পানীও দিয়া হৈছিল। সকলোৱে পংকজক আৰোগ্য কৰাত ব্যস্ত হৈ থকাৰ সময়ত, তেওঁৰ পত্নীও পংকজ ওচৰলৈ আহে।

পংকজৰ মূৰত হাত ৰাখে তেওঁৰ পত্নীয়ে । কিন্তু তাৰ পাছত হোৱা ঘটনাৰ বাবে একেবাৰেই প্ৰস্তুত নাছিল কোনো । পংকজৰ পত্নীয়ে যেতিয়াই পংকজৰ মূৰত হাত ৰাখে পংকজৰ নকল চুলি খুলি তেওঁৰ হাতত উঠি আহিল। মুহূৰ্ততে পৰিস্থিতি উত্তপ্ত হৈ পৰিল।

এই ঘটনাটো একেবাৰে মানি ল’ব নোৱাৰিলে পংকজৰ পত্নীয়ে । তেওঁ চিঞৰি উঠিল এই বিয়া তেওঁ ভাঙিব বিচাৰে । অপ্ৰস্তুত হৈ পৰিল দৰা । কইনাৰ হৈ প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হয়।

তেওঁলোকৰ অভিযোগ , দৰাৰ পৰিয়ালে সম্পৰ্কৰ সময়ত বিষয়টো লুকুৱাই ৰাখিছিল। বিয়াঘৰত বিষয়টোক লৈ যেতিয়া হুলস্থুল চলে, অতিথিসকলে আৰক্ষীক অৱগত কৰে।

আৰক্ষী আহি দুয়োপক্ষক বুজাবলৈ চেষ্টা কৰে। কিন্তু কইনাগৰাকীয়ে নিজৰ সিদ্ধান্তৰ অটল থাকিলে। অৱশেষত, আৰক্ষীৰ সহায়ত, পংকজে বিয়াখন মাজভাগত এৰিব লগা হয়।

Exit mobile version