Monkey pox : ১০ দিনত ১২ দেশত মাংকি পক্সত আক্রান্ত ৯২, সংখ্যা বৃদ্ধি পাব, উদ্বেগ প্ৰকাশ হু-ৰ

ক’ভিড আতংকৰ মাজতেই উদ্বেগ বাঢ়িছে মাংকি পক্সৰ । ভাৰতত এই পর্যন্ত এই ভাইৰাছে আক্ৰমণ নকৰিলেও ইউৰোপ আৰু আমেৰিকাৰ কে’বাখনো দেশত মাংকি পক্সত আক্রান্ত ৰোগীৰ সন্ধান পোৱা গৈছে । বিগত ১৩ মে’ৰ পৰা ১২খন দেশত বিয়পি পৰিছে মাংকি পক্স । এই পর্যন্ত আক্রান্তৰ সংখ্যা ৯২ জন । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ সতর্কবার্তা, আফ্রিকাৰ পৰা ইউৰোপ আৰু আমেৰিকাত বিয়পি পৰা মাংকি পক্সত আক্রান্তৰ সংখ্যা আৰু বাঢ়িব ।

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা মাংকি পক্স সন্দৰ্ভত কোৱা হৈছে, এতিয়াই এই সন্দৰ্ভত বিশেষ সতর্ক হোৱা প্রয়োজন । কাৰণ, অতিমাৰী ঘোষণা নোহোৱা দেশতো বিয়পি পৰিছে মাংকি পক্স । যোৱা সাত মে’ত লণ্ডনত প্রথম এজন ব্যক্তিৰ শৰীৰত মাংকি পক্সৰ ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল । আক্রান্ত ব্যক্তিজন নাইজেৰিয়াত গৈছিল বুলি জানিব পৰা গৈছিল । তাতেই কোনো কাৰণত আক্রান্ত হয় তেওঁ ।

বিশেষজ্ঞসকলৰ মতে, মাংকি পক্স এক বিশেষ ধৰণৰ বসন্ত । জলবসন্ত বা গুটিবসন্ত তুলনামূলকভাৱে অনেক বেচি পৰিচিত । সেয়ে প্রতিকাৰো অপেক্ষাকৃত সহজ । কিন্তু এই মাংকি পক্স ভাইৰাছবিধ ইমানেই বিৰল যে এই পর্যন্ত এই ভাইৰাছত আক্রান্তসকলক সুস্থ কৰিবলৈ নির্দিষ্ট কোনো চিকিৎসাপদ্ধতি চিকিৎসকসকলৰ নাই । মূলত পশ্চিম আৰু মধ্য আফ্রিকাৰ কিছুসংখ্যক দেশত এই ভাইৰাছৰ সন্ধান পোৱা গৈছিল । কিন্তু সেইটোৱে এতিয়া বিয়পি পৰিছে ইউৰোপ আৰু আমেৰিকা মহাদেশত ।

অষ্ট্ৰেলিয়া, কানাডাৰ উপৰি ইউৰোপৰ প্ৰায় নখন দেশত মাংকি পক্সত আক্রান্তৰ সন্ধান পোৱা গৈছে । ইয়াৰ মাজতে ব্রিটেইন, পৰ্টুগাল আৰু স্পেইনৰ দৰে দেশ সৰ্বাধিক প্রভাৱিত । তদুপৰি বেলজিয়াম, ফ্রান্স, জার্মানী, নেদাৰলেণ্ড, ইটালী আৰু ছুইডেনত বিয়পি পৰিছে এই বসন্ত । যদিও এই পক্সত আক্রান্ত কাৰো মৃত্যুৰ কোনো খবৰ পোৱা ‌নাই ।

অৱশ্যে বিশেষজ্ঞৰ মতে, মানুহৰ মাজত সহজে মাংকি পক্স সংক্ৰমিত নহয় । কৰ’না ভাইৰাছৰ দৰে ইমান দ্রুত সংক্রামকো নহয় । তৎসত্ত্বেও সমস্ত দেশক সাৱধান হোৱাৰ সকীয়নি দিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

Exit mobile version