Pakistan : সন্ত্রাসবাদ ৰোধ কৰিবলৈ কঠোৰ বার্তা পাকিস্তানৰ

1653183023 sharif

তেওঁলোকৰ বিৰুদ্ধে বাৰে বাৰে সন্ত্রাসবাদত সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় । আনকি, চুবুৰীয়া দেশত সন্ত্রাসবাদী আক্ৰমণ চলোৱাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী গোষ্ঠীবোৰক প্ৰত্যক্ষভাৱে ইন্ধন জোগায় তেওঁলোকৰ দেশৰ গুপ্তচৰ সংস্থাই । সন্ত্ৰাসবাদী গোষ্ঠীবোৰত অর্থ সাহায্য দিয়াৰ অভিযোগত বছৰৰ পাছত বছৰ ধৰি ‘ফাইনেন্সিয়েল একছন টাস্ক ফ’ৰ্চ’-ৰ দৰে আন্তর্জাতিক সংগঠনৰ ধূসৰ তালিকাত থাকে তেওঁলোক । কিন্তু এইবাৰ সন্ত্রাসৰ বিৰুদ্ধে কঠোৰ বার্তা দিলে পাকিস্তানে ।

ক্ষমতাত অহাৰ পাছতেই চুবুৰীয়া দেশসমূহ বিশেষকৈ ভাৰতৰ স’তে সম্পর্ক ভাল কৰাৰ বার্তা দিছিল নতুন পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে । কঠোৰ হৈ সন্ত্রাসবাদ দমনৰ কথাও কৈছিল তেওঁ । এইবাৰ পাক চৰকাৰৰ বৈদেশিক মন্ত্রণালয়ৰ দপ্তৰৰ তৰফৰ পৰাও একেই বার্তা দিয়া হৈছে । পাক বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র আছিফ ইফতিকাৰে এক সাংবাদিক সন্মিলনত স্পষ্টভাৱে জনাইছিল, সন্ত্রাসৰ বিৰুদ্ধে তেওঁলোকৰ চৰকাৰৰ যুঁজ অব্যাহত আছে । তেওঁ কয়, ‘‘সন্ত্রাসবাদক পৰাস্ত কৰিবলৈ সকলো ধৰণৰ পথ অৱলম্বন কৰিম আমি । আমাৰ দেশ তথা সমগ্ৰ অঞ্চলত যাতে শান্তি আৰু স্থিতিশীলতা অটুট থাকে, সেই চেষ্টাও কৰিছে এই চৰকাৰে ।’’

আছিফে জনাইছে, বিশ্বৰ সকলো শক্তিশালী দেশৰ স’তেই সুসম্পর্ক বজায় ৰাখিব বিচাৰে তেওঁলোকে । তেওঁৰ বক্তব্য, চীন, ৰাছিয়া, আমেৰিকাসহ সকলো শক্তিশালী দেশৰ স’তেই ভাৰসাম্যৰ নীতি বজায় ৰাখিব বিচাৰে বর্তমান চৰকাৰে । চীন আৰু ৰাছিয়াৰ চৰকাৰৰ স’তে প্রাক্তন পাক প্রধানমন্ত্রী ইমৰান খান ঘনিষ্ঠ আছিল । তেওঁক প্ৰত্যাহাৰ কৰিবলৈ দেশৰ বিৰোধীসকলৰ স’তে আমেৰিকান প্রশাসনে ষড়যন্ত্র কৰিছিল বুলি প্রকাশ্যেই অভিযোগ কৰিছে ইমৰানে । ইমৰানৰ সেই অভিযোগ আমেৰিকা আৰু তৎকালীন পাক বিৰোধী দলবোৰে অস্বীকাৰ কৰিছিল ।

অনুমান কৰা হৈছে, আমেৰিকাৰ স’তে সুসম্পর্ক স্থাপন কৰিবৰ বাবে এতিয়া ভাৰসাম্যৰ নীতি গ্ৰহণ কৰিব বিচাৰে পাক চৰকাৰে । একেই উদ্দেশ্যতে সম্প্রতি আমেৰিকা ভ্ৰমণত গৈছে পাক বৈদেশিক মন্ত্রী বিলাবল ভুট্টো জাৰদাৰি । আছিফে জনাইছে, সম্পর্ক ভাল কৰাত আগ্রহী দুই দেশেই ।

Exit mobile version