Taliban order : তালিবানি নির্দেশ অমান্য, মুখ নঢকাকৈয়ে বাতৰি পৰিৱেশন টিভি সঞ্চালিকাৰ

1653163955 taliban

বান্ধোন যিমানে কটকটীয়া হয়, সিমানেই কাটি ওলোৱাৰ প্রৱণতাও বাঢ়িছে আফগানিস্তানত । বিশেষকৈ মহিলাসকলৰ মাজত । তালিবান শাসকসকলে নির্দেশ দিছিল, মুখ ঢাকি বাতৰি পৰিৱেশন কৰিব লাগিব । সেই নির্দেশ অমান্য কৰি, মুখ নঢকাকৈয়ে বাতৰি পৰিৱেশন কৰে দেশৰ একাধিক বেচৰকাৰী টিভি চেনেলৰ মহিলা সঞ্চালকসকলে ।

ইয়াৰ পূৰ্বে মূৰত ওৰনি দি বাতৰি পৰিৱেশন কৰিছিল তেওঁলোকে । কিন্তু তালিবান ক্ষমতাত অহাৰ পাছৰ পৰা বহু বিধিনিষেধ জাৰি কৰা হৈছে । বিশেষকৈ মহিলাসকলৰ ওপৰত ।

চলিত মাহৰ আৰম্ভণিতে আফগানিস্তানৰ সর্বোচ্চ নেতা হিবাতুল্লাহ আখুনন্দজাদাই নির্দেশ দিয়ে, জনসমক্ষত মহিলাসকলে মুখ মণ্ডল বোৰ্খাৰে ঢাকি ৰাখিব লাগিব । শনিবাৰৰ পৰা টিভি চেনেলৰ সঞ্চালকসকলকো এই নির্দেশ পালন কৰিবলৈ কোৱা হয় । কিন্তু দেশৰ একাধিক টিভি চেনেলৰ সঞ্চালকসকলে মুখ নঢকাকৈয়ে বাতৰি পৰিৱেশন কৰে । অৱশ্যে তেওঁলোকে মূলত কাম হেৰুৱাৰ ভয়তেই নির্দেশ পালন কৰা নাই বুলি জানিব পৰা গৈছে ।

এটা বাতৰি চেনেলৰ প্রধান আবিদ এহছাছে কয়, ‘‘আমাৰ মহিলা সহকর্মীসকলে ভয় খাইছে, তেওঁলোকে যদি মুখ ঢাকি বাতৰি পৰিৱেশন কৰে, তেওঁলোকৰ শংকা, পাছৰ দিনা হয়তো বাতৰি পৰিৱেশন কৰিবলৈ দিয়া নহ’ব‌ও পাৰে । মূলতঃ সেয়ে তেওঁলোকে নিৰ্দেশ নমনাকৈয়ে বাতৰি পৰিৱেশন কৰিছে ।’’

টিভি চেনেলৰ কৰ্মকর্তাসকলেও এই নির্দেশক লৈ আৰু আলোচনাৰ বাবে তালিবান চৰকাৰক অনুৰোধ কৰিছে । নাম প্রকাশত অনিচ্ছুক এগৰাকী মহিলা সঞ্চালকে কয়, ‘‘তেওঁলোকৰ (তালিবান চৰকাৰৰ) সর্বশেষ নির্দেশে উপস্থাপিকাসকলৰ মন ভাঙি দিছে । বহুতে ভাবে, এই দেশত তেওঁলোকৰ কোনো ভৱিষ্যৎ নাই ।’’ সঞ্চালিকাগৰাকীয়ে নিজেও দেশ ত্যাগ কৰাৰ পৰিকল্পনা কৰিছে ।

Exit mobile version