অযোধ্যাত ৰামমন্দিৰ-বাবৰি মছজিদ বিবাদত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ পক্ষত ৰায় দিলেও উপাসনাস্থল ৰক্ষা আইনৰ গুৰুত্বৰ কথা জনাইছিল । যি আইনত কোৱা হৈছে, অযোধ্যা একমাত্র ব্যতিক্রম । বাকী অন্য ক্ষেত্রত য’ত যি মন্দিৰ, মছজিদ বা গির্জা আছিল, সেয়াই থাকিব লাগিব । তাৰ চৰিত্র বদল নচলিব । মছজিদক মন্দিৰ কৰা নহ’ব । কিন্তু বাৰাণসীৰ জ্ঞানবাপী মছজিদক লৈ বিতর্কত উচ্চতম ন্যায়ালয়ত শুকুৰবাৰে যি অৱস্থান লৈছে, তাত বিৰোধী শিবিৰৰ প্রশ্ন, ইয়াৰ পাছতেই উপাসনাস্থল সুৰক্ষা আইনেৰে মছজিদক মন্দিৰ কৰাৰ দাবী ৰোধ কৰিব পৰা যাব নে ? নে মোদী চৰকাৰেই উপাসনাস্থল সুৰক্ষা আইন পৰিৱৰ্তন কৰিব ?
পাঁচগৰাকী হিন্দু মহিলাই বাৰাণসীৰ জ্ঞানবাপী মছজিদ চৌহদত মা শৃংগাৰ গৌৰীস্থলত পূজাৰ অনুমতি বিচাৰি গোচৰ ৰুজু কৰিছিল । শুকুৰবাৰে শীৰ্ষ ন্যায়ালয়ত ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্রচূড়ৰ বেঞ্চে কয়, ১৯৯১-ৰ উপাসনাস্থল ৰক্ষা আইন বা ‘প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্রভিছন) এক্ট’-ত ধর্মস্থানৰ চৰিত্র নির্ধাৰণত বাধা নাই । উচ্চতম ন্যায়ালয়ে এই যুক্তিতেই শুনানিত স্থগিতাদেশ জাৰি কৰা নাই ।
কংগ্রেছ আৰু অন্যান্য বিৰোধী দলে প্ৰত্যক্ষভাৱে জ্ঞানবাপী মছজিদত পূজাৰ দাবীৰ বিৰোধিতা কৰা নাই । সেয়া কৰিলে বিজেপি-আৰএছএছৰ মেৰুকৰণতেই সুবিধা হ’ব বুলি কংগ্রেছে কেৱল উপাসনাস্থল ৰক্ষা আইনৰ কথা মনত পেলাই দিছে । কিন্তু উচ্চতম ন্যায়ালয়ৰ বক্তব্যত বিৰোধী শিবিৰৰ প্রশ্ন, জ্ঞানবাপী মছজিদৰ আদিপ্রকৃতি যদি হিন্দু মন্দিৰৰ বুলি নির্ধাৰিত হয়, তেনেহ’লে মছজিদ ভাঙি মন্দিৰ নিৰ্মাণৰ দাবী ৰোধ কৰিব পৰা যাব নে ?
দিল্লী বিশ্ববিদ্যালয়থ সমাজতত্ত্বৰ অধ্যাপক নন্দিনী সুন্দৰে আজি প্রশ্ন উত্থাপন কৰিছে, ‘‘উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰায়চ একেই কাঠামোতে দুই ধর্মৰ সহাৱস্থানৰ কথা কৈছিল । তাৰ পাছত এটা ধর্মৰ পক্ষত ৰায় দিছিল । ন্যায়াধীশ চন্দ্রচূড়ে এই পথ অৱলম্বন কৰাৰে ইংগিত দিছে নেকি ?’’
শীর্ষ আদালতৰ প্রধান ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত যি পাঁচ ন্যায়াধীশৰ বেঞ্চে অযোধ্যাত ৰাম মন্দিৰৰ পক্ষত ৰায় দিছিল, ন্যায়াধীশ চন্দ্রচূড় তাৰ সদস্য আছিল । ৰায়ত উল্লেখ নাথাকিলেও তাৰ লিখাৰ ধৰণ আৰু শব্দচয়ন দেখি অধিবক্তাসকলে অনুমান কৰিছিল, ন্যায়াধীশ চন্দ্রচূড়েই ৰায় লিখিছিল । এইবাৰ তেওঁৰ বেঞ্চেই জ্ঞানবাপী মছজিদৰ গোচৰৰ শোনানি কৰিব । নন্দিনীৰ মন্তব্য, ‘‘ইতিহাসৰ পুনৰাবৃত্তি হ’লে, প্রথমবাৰ সেয়া ট্রেজেডি আছিল । দ্বিতীয়বাৰ আইন প্রহসনত পৰিণত হ’ব ।’’
বিজেপি আৰু সংঘ পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে দাবী উঠিছে, ১৯৯১-ৰ উপাসনাস্থল ৰক্ষা আইন বা ‘প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্রভিছন) এক্ট’ ৰখাৰেই প্ৰয়োজন নাই । অযোধ্যাত ৰাম মন্দিৰ আন্দোলনৰ সময়ত পি ভি নৰসিং ৰাওৰ চৰকাৰে এই আইন আনিছিল । য’ত কোৱা হৈছিল, ১৯৪৭ত মন্দিৰ, মছজিদ, গির্জাৰ দৰে ধর্মস্থান য’ত যেনেকে আছে, তেনেকৈয়ে ৰাখিব লাগিব । উদ্দেশ্য আছিল, ভৱিষ্যতে কাশী-মথুৰাতো মছজিদ ভাঙি মন্দিৰ নিৰ্মাণৰ বাবে সংঘ পৰিয়ালৰ দাবী সমূলী বিনাশ কৰা ।
বিজেপি নেতা সুব্রহ্মণ্যম স্বামীৰ বক্তব্য, প্রধানমন্ত্রী নৰোন্দ্র মোদীয়ে ইমান দিনে এই আইন প্রত্যাহাৰ কৰি পেলাব বুলি আশা আছিল । বিগত আঠ বছৰত লোকসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা আৰু ৰাজ্যসভাত কার্যত সংখ্যাগৰিষ্ঠতা থকা সত্বেও তেওঁ এই কামত ব্যর্থ । প্রধানমন্ত্রীক এই দাবীত পত্ৰ লিখা, শীৰ্ষ ন্যায়ালয়ত গোচৰ ৰুজু কৰা ইত্যাদিও আগতেই সমাপন কৰিছে স্বামীয়ে । তেওঁৰ দাবী, এই আইন সংবিধান প্রদত্ত পূজা-অৰ্চনাৰ দৰে ধৰ্মাচৰণৰ অধিকাৰৰ বিৰোধী ।
বিজেপি নেতাসকলে উল্লেখ কৰিছে যে, এই আইনে পূৰ্বতে দলৰ বিৰোধিতা কৰিছিল । লালকৃষ্ণ আদ্বাণীৰ নেতৃত্বত বিজেপি লোকসভাত ইয়াৰ বিৰোধিতা কৰি ৱাক-আউট কৰে । আদ্বাণীর অভিযোগ আছিল, ইয়াৰ ফলত য’ত সমস্যা নাই, তাতেই বিবাদ সৃষ্টি হ’ব । উমা ভাৰতীয়ে কৈছিল, ঔৰংগজেবে মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰিলেও, মছজিদত ইচ্ছাকৃতভাৱে হিন্দু ধর্মৰ চিহ্ন এৰি গৈছিল । যি দেখি পৰৱর্তী কালতো হিন্দুসকলৰ দুর্ভাগ্য আৰু মুছলিমসকলৰ ক্ষমতাৰ কথা মনত পৰে ।
বাৰাণসী আৰু মথুৰাৰ গোচৰত প্রধান উদ্যোক্তা, অধিবক্তা বিষ্ণুশংকৰ জৈনৰ বক্তব্য, ‘‘১৯৯১-ৰ উপাসনাস্থল আইনৰ চাৰি নম্বৰ ধাৰা এতিয়াই প্রত্যাহাৰ কৰা উচিত ।’’ এই চাৰি নম্বৰ ধাৰাত কোৱা হৈছে, উপাসনাস্থলৰ ধর্মীয় চৰিত্র ১৯৪৭-ৰ ১৫ আগষ্টত যেনেকুৱা আছিল, তেনেকুৱাই থাকিব । মন্দিৰ-মছজিদৰ চৰিত্র পৰিৱৰ্তনক লৈ কোনো পুৰণি গোচৰ নাথাকিব, নতুন কোনো গোচৰো ৰুজু কৰিব নোৱাৰিব । এই আইন মৰ্মেই শীৰ্ষ ন্যায়ালয়ে মছজিদ পৰিচালনা কর্তৃপক্ষৰ অধিবক্তা হুজেফা আহমদিয়ে কৈছে, বাৰাণসীৰ গোচৰ প্রথমতেই খাৰিজ হৈ যোৱা উচিত । উচ্চতম ন্যায়ালয়ে সেয়া মানি নলয় ।
মথুৰাৰ শ্বাহি ঈদগাহত কৃষ্ণ জন্মভূমিৰ দাবীত গোচৰত মথুৰাৰ স্থানীয় আদালতে আকৌ বৃহস্পতিবাৰে কৈছে, ১৯৯১-ৰ আইন কৃষ্ণ জন্মভূমি-শ্বাহি ঈদগাহ বিতর্কত মান্য নহয় । কাৰণ, আইন পাছৰ আগতে দুই পক্ষৰ মাজত আপোচ কৰি বিতর্কিত চুক্তি হৈছিল ।
অযোধ্যাত অন্যতম মধ্যস্থতাকাৰী, অধিবক্তা শ্রীৰাম পাঞ্চুৱে সম্প্রতি কৈছে, ১৯৯১-ৰ আইন সংবিধানৰ মূল কাঠামোৰ অংশ । শীৰ্ষ ন্যায়ালয়ে, প্রথমেই মন্দিৰ-মছজিদক লৈ যাৱতীয় গোচৰ প্ৰত্যাহাৰ কৰা উচিত আছিল । প্রবীণ অধিবক্তাসকলৰ বক্তব্য, ২০১৯-ত অযোধ্যাত ৰায়ত শীর্ষ আদালতে কৈছিল, ধর্মীয় উপাসনাস্থল ৰক্ষা ধর্মনিৰপেক্ষ ৰাষ্ট্রৰ দায়িত্বৰ স’তে জড়িত । সকলো ধর্মৰ সমান অধিকাৰৰ প্রতি ভাৰতৰ দায়ৱদ্ধতাৰ প্রতিফলন ।