লক্ষ্য আইনশৃঙ্খলৰ উন্নতি, জৰুৰী অৱস্থা প্ৰত্যাহাৰ শ্ৰীলংকাৰ

Srilanka 1 1

শ্ৰীলংকাৰ চৰকাৰে দুসপ্তাহ আগতে জাৰি কৰা জৰুৰীকালীন অৱস্থা উঠাই লৈছে। এক বিবৃতিত এই কথা জনাইছে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে । বিগত ছয় মে’ৰ মাজনিশাৰ পৰা দেশখনত দ্বিতীয়বাৰৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে।

জৰুৰী পৰিস্থিতিত আৰক্ষী আৰু নিৰাপত্তা বাহিনীক নিৰ্বিচাৰে গ্ৰেপ্তাৰ আৰু আটক কৰিবলৈ ক্ষমতা দিয়া হৈছিল । তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাত চৰকাৰ বিৰোধী অস্থিৰতাৰ মাজত শ্ৰীলংকাৰ আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ বাবে জৰুৰীকালীন অৱস্থা উঠাই লোৱাৰ বাবে পদক্ষেপ লোৱা হৈছে।

অভূতপূৰ্ব অৰ্থনৈতিক সংকটত শ্ৰীলংকা চৰকাৰে যোৱা মাহত ঘোষণা কৰিছিল যে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ইমান হ্ৰাস পাইছে যে তেওঁলোকে আৰু বিদেশী ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই।

দ্বীপৰাষ্ট্ৰখনে ৭০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ডিফল্ট হৈছে। ঋণগ্ৰস্ত শ্ৰীলংকাত, খাদ্য, ঔষধ, ইন্ধন আৰু বিদ্যুতৰ সংকট অধিক অৱনতি ঘটিছে।অৰ্থনৈতিক আৰু বৈদেশিক মুদ্ৰা সংকটৰ বাবে চৰকাৰে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয়।

দেশৰ ৰাইজে সংকটৰ বাবে শাসনাধিষ্ঠ ৰাজপক্ষেৰ পৰিয়ালৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ দাবী ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব লাগে। ভয়ংকৰ বিত্তীয় সংকটত থকা শ্ৰীলংকাৰ লোকসকলে যোৱা মাহৰ পৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।

অৱশ্যে, শেহতীয়া দিনবোৰত প্ৰতিবাদ বৃদ্ধি পাইছে। দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষও সংঘটিত হৈছে। এতিয়ালৈকে, নজন লোক নিহত হৈছে আৰু ২০০ ৰো অধিক লোক আহত হৈছে।

উল্লেখযোগ্য যে , কেইসপ্তাহমান আগতে শ্ৰীলংকাত মাত্ৰ এদিনৰহে পেট্ৰ’ল মজুত আছিল । এই কথা জানিবলৈ দিয়ে নৱনিযুক্ত প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে।

যাক লৈ নতুনকৈ চিন্তিত লংকাবাসীসকল । পৰিস্থিতি ইমান বেয়া যে দিনে প্ৰায় ১৫ ঘণ্টাৰ বাবে বিদ্যুৎ সেৱা বন্ধ থাকে। পেট্ৰ’লৰ অভাৱৰ বাবে, দেশৰ পৰিবহন ব্যৱস্থা সম্পূৰ্ণৰূপে খহি পৰিছে। যি দেশৰ খাদ্য সামগ্ৰী, ঔষধকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰভাৱিত কৰিছে।

Exit mobile version