Asha Worker: ক’ভিড মহামাৰীৰ সময়ত পালন কৰা ভূমিকাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই সন্মানিত কৰিলে আশাকৰ্মীক

1653284610 asha worker

ক’ভিডৰ ঢৌত দেশৰ আগশাৰী কৰ’না যোদ্ধা, বিশেষকৈ স্বাস্থ্য কৰ্মীসকলৰ অৱদান পাহৰিব নোৱাৰে। চিকিৎসক আৰু নাৰ্ছসকলৰ লগতে, যিসকলৰ অৱদান একেবাৰে পাহৰিব নোৱাৰি তেওঁলোক হৈছে দেশৰ আশা কৰ্মীসকল।

ক’ভিডৰ সময়ত দেশত “উৎকৃষ্ট সেৱা” প্ৰদান কৰাৰ বাবে সেই আশাকর্মীসকলক সন্মান জনালে বিশ্ব স্বাস্থ্য সংস্থাই(হু) ।দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থা(হু)য়ে ভাৰতত ১০লাখ আশা কৰ্মীক সন্মানিত কৰে ।

এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধানম ঘেব্ৰেয়েচাছে কয়, “ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাইজক সঠিক পথ দেখুৱাই ঘৰে ঘৰে স্বাস্থ্য সেৱা প্ৰদান কৰাৰ বাবে ১০ লাখ আশা কৰ্মীক সন্মানিত কৰা হৈছে। এই আশা কৰ্মীসকলে গাওঁবোৰৰ দৰিদ্ৰসীমাৰ তলৰ লোকসকলে সঠিক স্বাস্থ্য সেৱা পোৱাটো ১নিশ্চিত কৰে। ”

বিশ্ব স্বাস্থ্য সংস্থাই আয়োজন কৰা ‘গ্লোবেল হেল্থ লিডাৰ্ছ এৱাৰ্ড’ৰ অনুষ্ঠানত এই বিশেষ সন্মান দিয়া হয় ভাৰতৰ আশা কৰ্মীসকলক । বিশ্ব স্বাস্থ্যৰ উন্নতি আৰু আঞ্চলিক স্বাস্থ্য সংক্ৰান্ত সমস্যাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে দেওবাৰে ছয়টা পুৰস্কাৰ ঘোষণা কৰে টেড্ৰোছে ।

কৰ’না মহামাৰীৰ সময়ৰ দেশতজুৰি আতংক সৃষ্টি হৈছিল । সেই সময়ত দেশৰ আশা কৰ্মীসকলে গ্ৰাম্য অঞ্চলৰ প্ৰতিটো ঘৰত উপস্থিত হৈ কৰ’না সম্পৰ্কীয় বিভিন্ন প্ৰয়োজনীয় তথ্য প্ৰদান কৰাৰ দায়িত্ব লৈছিল।

একে সময়তে, আশা কৰ্মীসকলে পৰিয়ালৰ কোনো লোক কৰ’নাত সংক্ৰমিত হৈছে নে আন কোনো শাৰীৰিক সমস্যা দেখা গৈছে সেই বিষয়েও বিশেষ মনোযোগ দিছিল। কৰ’না টিকাকৰণৰ সময়তো মানুহৰ মাজত ভেকছিনৰ বিষয়ে সজাগতা বৃদ্ধিত আশা কৰ্মীসকলে এক বিশেষ ভূমিকা পালন কৰে। আশা কৰ্মীসকলৰ সেই বিশেষ অৱদানক সন্মান জনালে হু-ৱে।

Exit mobile version