Narendra Modi : ‘আপোনাক স্বাগতম’, জাপানী শিশুৰ মুখত হিন্দী শুনি অভিভূত মোদী

Modi kid

কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাত কেবাটাও শিশুক লগ পাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । সেই দলটোত ভাৰতীয়সকলৰ স’তে জাপানী(Japanese Kid) ল’ৰা-ছোৱালীও আছিল।

শিশুকেইজনে কেবাখনো ছবি অংকন কৰি আনিছিল আৰু ছবিকেইখনত অটোগ্ৰাফ দিলে নৰেন্দ্ৰ মোদীয়ে । তাতে এজন জাপানী লৰা স’তে হিন্দীত কথা পাতিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত দেখা গৈছে, হোটেলৰ বাহিৰত শিশুসকলৰ স’তে কথা পাতি আছে মোদীয়ে। তাতে এজন জাপানী লৰাই প্ৰধানমন্ত্ৰীৰ স’তে কথা পাতি আছে। “জাপানলৈ আপোনাক স্বাগতম জনাইছোঁ ,” জাপানী লৰা মুখত হিন্দী শুনি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকী ।

শিশুটোক তেওঁ সুধে, ” ইমান ভাল হিন্দী ক’ত শিকিলা ?” ভাৰতীয় বন্ধুবৰ্গৰ পৰা হিন্দী শিকিছে বুলি জনালে শিশুটোৱে। লৰাজনে এখন ভাৰতীয় পতাকাৰ ছবি আঁকি আনিছিল । সেই ছবিখনৰ ওপৰত হিন্দী আৰু জাপানী ভাষাত কিবা লিখা আছিল। লৰাজনে ফটোখন মোদীৰ হাতত তুলি দি স্বাগতম জনাই জাপানৰ শিশুটোৱে । সেই ছবিখন দেখি সুখী হয় অটোগ্ৰাফ দিলে প্ৰধানমন্ত্ৰীজনে।

ইয়াৰ উপৰিও, আন এগৰাকী সৰু ছোৱালীয়ে মোদীৰ এখন ফটো অংকন কৰি আনিছিল । মোদীয়ে ফটোখন দেখি সুখী হয় আৰু সেই ছবিখনটো অটোগ্ৰাফ দিয়ে। বহুলোকে হোটেলৰ বাহিৰত প্লেকাৰ্ড ধৰি ৰখি আছিল আৰু প্লেকাৰ্ডবোৰত বিভিন্ন ভাৰতীয় ভাষাত লিখা আছিল ‘স্বাগতম’ ।

কোৱাড (QUAD) হৈছে জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ স’তে পাৰস্পৰিক সম্পৰ্কৰ এক মিত্ৰতা। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাৰ স’তে বৈঠকত মিলিত হ’ব নৰেন্দ্ৰ মোদী । মোদীয়ে আমেৰিকা ৰাষ্ট্ৰপতি জ’ বাডেনৰ স’তে পৃথক দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰিব। অষ্ট্ৰেলিয়াৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজও কোৱাড সন্মিলনত উপস্থিত থাকিব।

Exit mobile version