Russia-Ukraine War : প্রথম যুদ্ধ অপৰাধীৰ বিচাৰ কৰিলে ইউক্রেইনে, গাঁওবাসীক হত্যাৰ অভিযোগত ৰুছ সেনাৰ যাৱজ্জীৱন

1653306729 zelenskyy

নিৰস্ত্র ইউক্রেইনীয় জনতাক হত্যা কৰাৰ অপৰাধত ৰুছ টেংক ৰেজিমেন্টৰ এজন সেনাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিলে ইউক্রেইনে । ৮৯ দিনৰ ৰুছ-ইউক্রেইন যুদ্ধত এয়ে প্রথম কোনো যুদ্ধ অপৰাধীৰ বিচাৰ কৰিলে ভল’দিমিৰ জেলেনস্কিৰ চৰকাৰে ।

ইউক্রেইনৰ সংবাদমাধ্যমে জনাইছে, ৰুছ বাহিনীৰ এই ২১ বছৰৰ ছের্জেন্টৰ নাম ভাদিম শিচিমাৰিন । তেওঁৰ বিৰুদ্ধে উত্তৰ-পূৱ ইউক্রেইনৰ ছুমি অঞ্চলৰ এখন গাঁৱত এজন অসামৰিক নাগৰিকক মূৰত গুলি কৰাৰ অভিযোগ প্রমাণিত হৈছে । ইউক্রেইন সেনাৰ প্ৰত্যুত্তৰ আক্ৰমণৰ সময়ত ধৰা পৰে ভাদিম । ইয়ৰ পাছতেই তেওঁৰ বিৰুদ্ধে গাঁওবাসী হত্যাৰ অভিযোগ প্রকাশ্যত আহে ।

ইউক্রেইনৰ আদালতত বিচাৰ প্ৰক্ৰিয়াৰ সময়ত অসামৰিক নাগৰিকক হত্যাৰ অভিযোগ স্বীকাৰ কৰিছে ভাদিমে । তেওঁ জনাইছে, তেওঁ ঊর্ধ্বতন সেনা বিষয়াৰ নির্দেশ পালন কৰিছিল । ঘটনাৰ সময়ত গাঁওবাসীজনে ম’বাইল ফোনত কথা পাতি আছিল বুলি জনাই ভাদিমে কয়, ‘‘সেই সময়ত আমাৰ কামাণ্ডাৰে শংকা কৰিছিল, এই অসামৰিক ব্যক্তিজনে আমাৰ অৱস্থান ইউক্রেইন সেনাক জনাইছে । সেয়ে তেওঁক গুলি কৰাৰ নির্দেশ দিয়া হৈছিল ।’’

Exit mobile version