SBI : ভুলতো এই এছএমএছৰ উত্তৰ নিদিব ! এছবিআই গ্রাহকক সতর্ক কৰিলে চৰকাৰে

d3ffecfe ba3e 11eb b2e0 990fd466194c 1628063694293 1628063713152

হঠাৎ দেখিছে আপোনাৰ ম’বাইলত এটা মেছেজ আহিছে । তাত লিখা আছে— ‘ডেয়াৰ একাউন্ট হোল্ডাৰ এছবিআই-ক দিয়া আপোনাৰ তথ্যবোৰৰ ম্যাদ শেষ হৈছে । আপোনাৰ একাউন্ট ব্লক কৰা হৈছে ।’ একাউন্ট অব্যাহত ৰাখিবলৈ এটা লিংকো দিয়া আছে সেই মেছেজত ।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ (এছবিআই) গ্রাহকসকলক এই মেছেজ সম্পর্কে সতর্ক কৰিলে প্রেছ ইনফৰমেছন ব্যুৰ’ই (পিআইবি) । পিআইবি-য়ে সতর্ক কৰিছে, কোনো গ্রাহকে এই ধৰণৰ কোনো মেছেজ পালে তাৰ উত্তৰ যেন নিদিয়ে । ভুলতো এই মেছেজত দিয়া লিংকত ক্লিক নকৰিব । যদি এই ধৰণৰ কোনো মেছেজ পায়, তেনেহ’লে লগে লগে বেংকৰ স’তে যোগোযোগ কৰাৰ পৰামর্শও দিছে পিআইবি-য়ে । অভিযোগ জনাব লাগিব ৰিপ’ৰ্ট ডট ফিশ্বিং@এছবিআই ডট কো ডট ইন-ত ।

এটা টুইট কৰি পিআইবি-য়ে জনাইছে, ‘আপোনাৰ এছবিআই একাউন্ট ব্লক কৰি দিয়া হৈছে, এই ধৰণৰ এটা মেছেজ ভাইৰেল হৈছে । এই মেছেজৰ পৰা সাৱধান । এইটো ভুৱা । এই ধৰণৰ কোনো এছএমএছ বা ইমেইলৰ উত্তৰ নিদিব । ব্যক্তিগত কোনো তথ্য বা বেংকৰ কোনো তথ্য কাৰো স’তে শ্বেয়াৰ নকৰিব । যদি এই ধৰণৰ কোনো এছএমএছ পায়, তেনেহ’লে অৱশ্যই অভিযোগ জনাওক বেংক কর্তৃপক্ষক ।’

Exit mobile version