Taliban : একাধিক বিয়া কৰাব নোৱাৰিব তালিবে, যোদ্ধাসকলক নির্দেশ আখুন্দজাদাৰ

1653265666 kabul

img

এটাতকৈ অধিক বিয়া কৰাব নোৱাৰিব তালিবে । সম্প্রতি এই ফতোৱা জাৰি কৰিছে আফগানিস্তানৰ শাসক তালিবানৰ প্রধান হিবাতুল্লা আখুন্দজাদাই । অৱশ্যে এই ফতোৱাত সুখী বা অসুখী হোৱাৰ সুযোগ নাই, কাৰণ সংগঠনৰ আমিৰৰ ফতোৱা মান্য কৰাটোৱে কর্তব্য । অৱশ্যে তালিবান প্রধান আখুন্দজাদাই সম্প্ৰতি নিজৰ সংগঠনৰ সদস্য আৰু যোদ্ধাসকলকেই এই নির্দেশ দিছে, দেশৰ সাধাৰণ পুৰুষসকলৰ নহয় । কিন্তু তেওঁলোকৰ অনেকেই প্রমাদ গনিছে— সকলোৰে ঘৰত এই ফতোৱা কেতি‌য়া জাৰি হ’ব !

আফাগানিস্তান দখলৰ পাছত প্রাসাদত প্ৰৱেশ কৰি মহার্ঘ সকলো আৰাম চকীত বহি থকা দেখা গৈছিল তালিবান যোদ্ধাসকলক । ইয়াৰ পাছতো আইএছ সন্ত্ৰাসবাদীসকলে যিদৰে আক্ৰমণ আৰু নাশকতা অব্যাহত ৰাখিছে, তাত শাসক তালিবানৰ যোদ্ধাসকল বিশেষ সুখি নহয় । তাৰ মাজতেই ‘শান্তিৰ সন্ধানত’ বহু তালিব এটাৰ পাছত এটা বিয়া কৰিছে ।

সেয়ে ফতোৱা জাৰি কৰিছে তালিবানৰ আমিৰ, ছুপ্রিম কমাণ্ডাৰে — বহুবিবাহ বন্ধ । অৱশ্যে নৈতিক নহয়, ইয়াৰ কাৰণ সম্পূৰ্ণ অর্থনৈতিক । কাবুলৰ বখতাৰ সংবাদ সংস্থাই শনিবাৰে জনাইছে, আখুন্দজাদাৰ ফতোৱাত বহুবিবাহক ‘অকাৰণ অপব্যয়’ বুলি কোৱা হৈছে । আফগানিস্তানৰ ‘তালিবান ইছলামী আমিৰশ্বাহি’য়ে যি শ্বৰিয়তি ব্যৱস্থা মানি চলে, তাত এজন পুৰুষে চাৰি গৰাকীকৈ বিয়া কৰাব পাৰে । বহুবিবাহ সাধাৰণ বিষয় এই দেশত । কিন্তু আমিৰে তেওঁৰ নির্দেশত স্পষ্টভাৱে কৈছে — তালিবসকলে দ্বিতীয়, তৃতীয় বা চতুর্থ বিয়া কৰাব নোৱাৰিব । ইয়াতেই অন্ত নহয়, দেশৰ ‘আমৰ-উল মাৰ-উফ’ মন্ত্রণালয়ক নির্দেশ দিয়া হৈছে, যোদ্ধাসকলে এই নির্দেশ মানিছে নে নাই সেই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ । নির্দেশ অমান্যকাৰীসকলক নাম-ঠিকনা আমিৰৰ দপ্তৰত জনাব লাগিব, যাতে তেওঁক উপযুক্ত শাস্তি বিহা সম্ভৱ হয় ।

Exit mobile version