Yogi Adityanath : মছজিদ পৰা লাউডস্পিকাৰ আঁতৰাই স্কুল-হাস্পাতালত দান কৰা হৈছে, জনালে যোগী আদিত্যনাথে

1646919475 yogi noida

উত্তৰ প্রদেশৰ বহু মছজিদৰ লাউডস্পিকাৰ পৰিহাৰ কৰা হৈছে অথবা মসজিদ কর্তৃপক্ষ‌ই লাউডস্পিকাৰৰ শব্দ কম কৰি দিছে । মছজিদৰ পৰা আঁতৰাই দিয়া লাউডস্পিকাৰবোৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্কুল আৰু হাস্পাতালত দান কৰা হৈছে । দেওবাৰে এটা অনুষ্ঠানত বক্তৃতা দিয়াৰ সময়ত এই কথা জনালে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ।

আৰএছএছ-ৰ আয়োজিত এই অনুষ্ঠানত আদিত্যনাথে কয়, ‘‘আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া পথত ঈদৰ নমাজ পঢ়িব নোৱাৰি । মছজিদৰ লাউডস্পিকাৰৰ শব্দ হয় কম কৰি দিয়া হৈছে নহয় লাউডস্পিকাৰ সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে । এতিয়া এই লাউডস্পিকাৰবোৰ স্কুল আৰু হাস্পাতালত ব্যৱহাৰ কৰিবৰ বাবে দান কৰা হৈছে ।”

আদিত্যনাথৰ দাবী, উত্তৰ প্রদেশৰ বিধানসভা নির্বাচন চলাকালীন বা তাৰ পাছত সেই ৰাজ্যত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । তেওঁ কয়, ‘‘বহু ৰাজ্যত নির্বাচন শেষ হোৱাৰ পাছত হিংসাত্মক ঘটনা ঘটিছে । নির্বাচনৰ সময়ত বা পাছত উত্তৰ প্রদেশত কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । চৰকাৰ গঠনৰ পাছৰ পৰাই শান্তিপূর্ণভাৱে ৰামনৱমী আৰু হনুমান জয়ন্তী উদ্‌যাপন কৰা হৈছিল । কিন্তু এই উত্তৰ প্রদেশতেই আগতে সৰু সৰু কালণথ হিংসাত্মক ঘটনা সংঘটিত হৈছিল ।’’

উত্তৰ প্রদেশৰ পথত থকা পশুৰ সমস্যা সমাধানৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ অনুষ্ঠানত উল্লেখ কৰে ।

Exit mobile version