ইউক্ৰেইনত যুদ্ধত অনাথ শিশুক আমেৰিকাত আশ্ৰয়দানত বাধা ৰাছিয়াৰ

image 1

ৰাছিয়াৰ সেনা বাহিনীয়ে ঘেৰি ৰখা ইউক্রেইনত যুদ্ধত অনাথ হোৱা শিশুক আন্তর্জাতিক পর্যায়ত আশ্রয়দানৰ ক্ষেত্ৰত বাধাদান কৰিছে মস্কোৱে। নেচনেল কাউন্সিল ফৰ এডপচনছৰ মুৰব্বী ৰেয়ান হেনলনে আন্তর্জাতিক সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি, ৰাছিয়াই যুদ্ধত গৃহহীন হোৱা ইউক্রেইনৰ শিশুক আশ্রয়দানৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে।

হেনলনে প্ৰকাশ কৰা অনুসৰি ইউক্রেইনক ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ পৰা যথেষ্ট সংখ্যক শিশু পিতৃ-মাতৃহাৰা হৈছে আৰু এনে ৩০০ৰো অধিক অনাথ শিশুক আমেৰিকাৰ পৰিয়ালে তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰিব বিচাৰিছিল, কিন্তু ৰাছিয়াৰ হস্তক্ষেপত অনাথ শিশুক তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বন্ধ ৰখা হৈছে।

উপায়হীন হৈ প্ৰশাসনে ইউক্রেইনৰ এইসকল অনাথ শিশুক অনাথালয়লৈ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে প্রশাসন। আমেৰিকাৰ বৈদেশিক মন্ত্রণালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ২০২০ বৰ্ষত ইউক্রেইনৰ পৰা ২০০ৰো অধিক অনাথ শিশুক মার্কিন দম্পতীয়ে তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰিছিল।

Exit mobile version