চিৰাঙৰ বিজনী অতিৰিক্ত জিলা আৰু মহকুমা সত্ৰ ন্যায়াধিশ আদালতৰ গুৰুত্বপুৰ্ণ ৰায়দান

ডাইনী হত্যাত জড়িত ১২ জনক যাৱজ্জীৱন কাৰাদণ্ড

চিৰাঙৰ বিজনী অতিৰিক্ত জিলা আৰু মহকুমা সত্ৰ ন্যায়াধিশ আদালতৰ গুৰুত্বপুৰ্ণ ৰায়দান। ডাইনী হত্যাত জড়িত ১০ জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। ২০০১ চনত বিজনী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁওৰ একেটা পৰিয়ালৰ তিনিজনকৈ লোকক ডাইনী সন্দেহত হত্যা কৰিছিল ১২ জনকৈ লোকে।

ADVERTISEMENT

আজি ২১ বছৰৰ পাছত বিজনী অতিৰিক্ত জিলা আৰু মহকুমা সত্ৰ ন্যায়াধিশৰ আদালতে যাৱজ্জীৱন কাদাদণ্ডৰে দণ্ডিত কৰে ১২ জন লোকক ইয়াৰে দুজনৰ ইতিমধ্যে মৃত্যু হৈছে। বিজনী থানাৰ গোচৰ নম্বৰ ১২০ নম্বৰ গোচৰৰ ভিত্তিত আজি এই ৰায়দান দিয়ে আদালতে।

ডাইনী সন্দেহত হত্যা কৰা একে পৰিয়ালৰ লোক তিনিজন ক্ৰমে গাংগুলি বসুমতাৰী,মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰী।

উক্ত ডাইনী কাণ্ডৰ হত্যাকাৰী সকলক আজি বিজনী আদালতে দিয়া ৰায়দানত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত সকল ক্ৰমে সমল বসুমতাৰী,গায়ো বসুমতাৰী,গেৰা বসুমতাৰী,হেব্ৰো বসুমতাৰী,জাবাতি বসুমতাৰী,থিৰেন বসুমতাৰী,সম্বাৰু বসুমতাৰী,গগণ বসুমতাৰী,আখু বসুমতাৰী,কেটেং বড়ো,আৰু ইতিমধ্যে মৃত্যু হোৱা দুজন ক্ৰমে বতেং বসুমতাৰী আৰু বুতৰ বসুমতাৰী।

Exit mobile version