Jorhat Incident:
ভিডিঅ’ কলত প্রেমিকক দেখুৱাই চিপ ল’লে এগৰাকী ছাত্ৰীয়ে। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা ছাত্ৰী গৰাকী হ’ল যোৰহাট চহৰৰ নেহৰু পাৰ্কৰ পীতাম্বৰ দেৱগোস্বামী পথৰ বাসিন্দা নেহা দাস।
এইবাৰ ছাত্ৰীগৰাকী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল। আৰক্ষী সূত্ৰই জনোৱা মতে, অষ্টদশী নেহাই বুধবাৰে বিয়লি তেওঁৰ প্ৰেমিক তথা ওদালগুৰি জিলাৰ হাৰিভাঙা কলাইগাঁৱৰ ৰাজু হকৰ লগত ফোনত কোনো কথাক লৈ কাজিয়াত লিপ্ত হয়। এটা সময়ত দুয়োজনৰ কাজিয়াই এনে পর্যায় পায় যে নেহাই ভিডিঅ’ কলত প্রেমিকক দেখুৱাই ঘৰতে চিপ লয়।
আনহাতে, প্রেমিকাৰ এই ভয়ংকৰ কাণ্ড প্রত্যক্ষ কৰি ৰাজুৱে নেহাৰ মাতৃলৈ ফোন কৰি ঘটনাটো অৱগত কৰে। মহিলাগৰাকীয়ে উদ্ধাৰ কৰাৰ পূৰ্বে তেওঁৰ কন্যাৰ মৃত্যু হয়। পাছত ঘটনাস্থলীত দণ্ডাধীশসহ আৰক্ষী উপস্থিত হৈ নেহাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে। ইপিনে, ছাত্ৰীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নেহাই ৰাজুৰ স’তে মাজে-সময়ে ফোনত কথা পতাৰ বিষয়ে তেওঁ অবগত আছিল।
অৱশ্যে কেতিয়াৰ পৰা আৰু কেনেকৈ ওদালগুৰি জিলাৰ ৰাজুৰ স’তে কন্যাৰ সম্পৰ্ক গঢ়ি উঠে সেই বিষয়ে নেহাৰ মাতৃয়ে কোনো তথ্য প্রকাশ কৰা নাই। মহিলাগৰাকীয়ে লগতে জনোৱা মতে, তেওঁলোকৰ প্ৰকৃত ঘৰ যোৰহাট তৰাজানত। নেহৰু পাৰ্কৰ পীতাম্বৰ দেৱগোস্বামী পথত যোৱা মাহৰ পৰা তেওঁলোকে ঘৰ ভাড়া কৰি থাকিবলৈ হয়।
মহিলাগৰাকীৰ স্বামী বাংগালুৰুত থাকে। নেহা তেওঁলোকৰ একমাত্র কন্যা আছিল। তেওঁৰ মাতৃয়ে ভাৰতীয় স্টেট বেংকৰ যোৰহাট শাখাৰ কেন্টিনত কাম কৰে। সূত্ৰই জনোৱা মতে, নেহা তৰাজান হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল। তেওঁৰ আত্মহত্যাৰ তদন্ত অব্যাহত আছে বুলি আৰক্ষী সূত্রই জনায়।




































