বিটিচিত চৰকাৰ সলনি হ’ব: হাগ্ৰামা মহিলাৰী

বিটিআৰৰ ককলাবাৰী সমষ্টিত অহা আঠ জুনত যি উপ নিৰ্বাচন হ’বলৈ গৈ আছে তাত আমাৰ বিপিএফৰ লক্ষণটো ভাল দেখিবলৈ পাইছোঁ৷আমি বিপিএফ দলে সমষ্টিটোত জিকিমেই৷

প্ৰমোদ বড়োৱে যোৱা ১৭ বা ১৮ টা মাহত বিটিচি অঞ্চলত কি কি কাম কৰিছে বা কৰা নাই,ৰাইজক কি কি মিছা কথা কৈছে বা কোৱা নাই বা আগৰ নিৰ্বাচনৰ সময়ত ৰাইজক কি কি প্ৰতিশ্ৰুতি দিছিল,কি কি কাম কৰিলে এই কথা বিটিচিৰ সকলো শ্ৰেণীৰ ৰাইজে জানে৷বিটিচি অঞ্চলত প্ৰমোদ বড়োৰ কোনো উন্নয়নমূলক কাম কৰাৰ যে ধাণ্ডা নাই সেই কথা বিটিচিবাসী ৰাইজে জানে৷

বিটিচিলৈ অহা পইচা উলিয়াই কেনেদৰে খাব পাৰে তাকেহে মাথা মাৰি আছে প্ৰমোদ বড়োৱে৷ এই মন্তব্য বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ৷বাগসাৰ শালবাৰীৰ শিমলাত আজি হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিত ক’ত কি কাম কৰিব লাগে সেই বিষয়ে প্ৰমোদ বড়োৰ কোনো আঁচনি নাই৷

উদ্দেশ্য এটাই পইচাবোৰ যেনেকৈ তেনেকৈ হজম কৰিব লাগে৷আজি মই নিজেই ককলাবাৰীৰ কেবাখনো গাঁৱত গৈ সুধি গম পালোঁ যে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আজিলৈ একোৱে কৰা নাই৷ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল প্ৰমোদ বড়োৱে৷সেয়াও মিছা হ’ল৷

বিটিচিৰ ৪০ টা বিভাগেই এতিয়া দিশপুৰৰ দখলত৷বিটিচিত প্ৰমোদ বড়োৰ কাম নাই৷প্ৰমোদ বড়োৰ কোনো ক্ষমতা নাই৷গতিকে সি কেনেকৈ কাম কৰিব৷বিটিচি চুক্তিমতে একো কাম কৰিব নোৱাৰিলে৷বড়ো জাতিটোক ধ্বংস কৰিছে প্ৰমোদ বড়োৱে৷বড়ো জাতি ধ্বংস কৰা মানুহ প্ৰমোদ বড়োৱে অসমীয়া,মুছলিম,কোচ ৰাজবংশী,বঙালী,আদিবাসী,নেপালী,মদাহী,শৰণীয়া বা কোনো সূত্ৰধৰৰ কাৰণে কাম কৰা মানুহ নহয়৷প্ৰমোদ বড়ো এবছুৰহে লিডাৰ আছিল৷সি ৰাইজৰ কাম কৰা মানুহ নহয়৷মুঠতে প্ৰমোদ বড়ো শেষ৷

চৰকাৰ অতি সোনকালেই বিপিএফৰ হ’ব সেইটো এশ শতাংশই নিশ্চিত৷মিডিয়াত যি বাতৰি ওলাই আছে সেয়া শুদ্ধ৷মুঠতে চৰকাৰ সলনি হ’ব৷

Exit mobile version