চিৰাঙৰ বিজনীত দলীয় সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

চিৰাং জিলা বিজেপিৰ বিজনীস্থিত জিলা কাৰ্য্যালয়ত অনুষ্টিত সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাৰে মত বিনিময় কৰে ৰাজ্যিক সভাপতিজনে।

লগত বিজনীৰ বিধায়ক অজয় ৰায়,জিলা প্ৰভাৰী মঞ্জিত কলিতা,বিটিআৰৰ উপাধ্যক্ষ অবিৰাম মহানায়ক,বিটিআৰৰ পাৰিষদ প্ৰভাত বসুমতাৰী,প্ৰদিপ বায়ন আৰু জিলা সভাপতিয়ে জিলাখনৰ জিলা বিজেপি আৰু মণ্ডল বিজেপি কৰ্মকৰ্তাৰে মতবিনিময় কৰে।

সংবাদ মায়ধ্যমৰে বাৰ্তালাপত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় বিটিচিত ইউপিপিএলৰে মিত্ৰতা বাহাল থাকিব বুলি। হাগ্ৰামা মহিলাৰী সন্দৰ্ভত মন্তব্য দিয়াৰ লগতে বটদ্ৰবা সন্দৰ্ভতো মন্তব্য দিয়ে ।

বিজনীৰ বিধায়ক অজয় ৰায়েও সংবাদ মাধ্যমক জনায় যে ৰাজ্যিক সভাপতি হোৱাৰ পিচত চিৰাঙলৈ অহা নাছিল বাবেই ৰাজ্যিক সভাপতিজনে প্ৰথম বাৰৰ বাবে দলীয় কৰ্মকৰ্তাৰে মতবিনিময়ৰ বাবে অহা বুলি কয়।

Exit mobile version