ৰাজস্থানৰ এই পৰিয়ালৰ সদস্যৰ সংখ্যা ১৮৫, দৈনিক ৭৫ কিলো আটাৰে তৈয়াৰ কৰে ৰুটি

navbharat times

ভাৰতত যৌথ পৰিয়ালৰ সংখ্যা হ্রাস পাই আহিছে। মিজোৰামত এনে এটা যৌথ পৰিয়াল আছে, যি পৰিয়ালৰ সদস্যৰ সংখ্যা হৈছে ১৮১ জন। ইমান দিনে মিজোৰামৰ এই পৰিয়ালটোকে ভাৰতৰ সৰ্ববৃহৎ পৰিয়াল হিচাপে জনা গৈছিল।

কিন্তু ৰাজস্থানৰ অজমেৰত এনে এটা পৰিয়াল আছে, যি পৰিয়ালৰ সদস্যৰ সংখ্যা হৈছে ১৮৫ জন। এই পৰিয়ালটোৱে নচিৰাবাদৰ ৰামচৰ গাঁৱত বাস কৰে। ১৮৫ জন সদস্যৰে যৌথ পৰিয়ালটোৱে হাঁহি-আনন্দৰে দিন অতিবাহিত কৰিছে।

এই পৰিয়ালৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুৰব্বী ভবৰলাল মালীয়ে গ্রহণ কৰে। পৰিয়ালৰ সদস্যৰ বাবে দৈনিক ৭৫ কিলো আটাৰে ৰুটি তৈয়াৰ কৰা হয়। ১০ টা চৌকাত তৈয়াৰ কৰা হয় পৰিয়ালৰ বাবে খাদ্য।

ভাগচন্দই জনোৱা মতে, তেওঁৰ ককাক চুলতান মালীৰ ছজন পুত্র সন্তান আছিল আৰু ইয়াৰে জ্যেষ্ঠজন হৈছে ভাগচন্দৰ পিতৃ । আন কেইজন পুত্র হৈছে ৰামচন্দ্ৰ, মোহন, ছগন, বিৰদি চন্দ আৰু চটু। আৰম্ভণিৰে পৰা চুলতান মালীয়ে পৰিয়ালৰ সকলোকে একেলগে বাস কৰিবলৈ পৰামৰ্শ দিছিল আৰু তেওঁৰ উদ্যোগতে ৰাজস্থানৰ এই বৃহৎ যৌথ পৰিয়ালটো গঢ় লৈ উঠিছিল।

ভাগ চন্দ মালীয়ে প্ৰকাশ কৰা অনুসৰি, এই যৌথ পৰিয়ালত ৫৫ জন পুৰুষ ৫৫ গৰাকী মহিলা আৰু ৭৫ টা সন্তান আছে। পৰিয়ালৰ ১২৫ জন সদস্যৰ আছে ভোটাধিকাৰ। পূৰ্বে পৰিয়ালটোৱে কেৱল কৃষিত নিৰ্ভৰ কৰি জীৱিকা অৰ্জন কৰিছিল।

কিন্তু সদস্যৰ সংখ্যা বঢ়াত উপার্জন বৃদ্ধিৰ বাবে ডেইৰী আৰু নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল। পৰিয়ালৰ মুৰব্বী ভবৰলালে কয় যে যৌথ পৰিয়ালত বাস কৰাৰ যি আনন্দ আছে, সেয়া একক পৰিয়ালত কেতিয়াও অনুভৱ কৰিব নোৱাৰি।

সৰু-সুৰা মতানৈক্য হ’লেও যৌথ পৰিয়ালটোত আজিলৈকে তেনে কোনো বিশেষ সংঘাত সৃষ্টি হোৱা নাই বুলি ভবৰলালে কয়।

Exit mobile version