ভাৰতত কৰ’নাৰ মৃত্যুক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) প্ৰতিবেদনে “নিৰাশ” কৰিছে তেওঁক । জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ ৭৫ তম অধিৱেশনত এই মন্তব্য কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ।
মঞ্চত থিয় হৈ মাণ্ডৱিয়াই কয়, “বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড মৃত্যুসন্দৰ্ভত প্ৰদান কৰা তথ্যত ভাৰত হতাশ হৈছে। ভাৰত আৰু অন্যান্য দেশত কৰ’না মৃত্যুৰ নথিভুক্তৰ এক নিৰ্দিষ্ট প্ৰণালী আছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই দিয়া তথ্য, পৰিসংখ্যাবোৰ অস্বাভাৱিক। ”
মান্দাৱিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাও কয়। তেওঁ কয় যে কৰ’না ভেকছিন আৰু ঔষধ সমগ্ৰ বিশ্বৰ সকলোৰে ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ এক নিৰ্দিষ্ট ব্যৱস্থাৰ প্ৰয়োজন ।
সেই কথা মোদীয়ে আগতে কৈছিল। ইয়াৰ উপৰিও, ভেকছিন আৰু ঔষধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন প্ৰক্ৰিয়াটো সুশৃংখল কৰাৰ প্ৰয়োজন আছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ক’ভিডৰ আৰম্ভণিৰ পৰা ভাৰতত সংক্ৰমণৰ ফলত মুঠ ৪৭ লাখ লোকৰ মৃত্যু হৈছে। সেয়া স্বাভাৱিকতকৈ প্ৰায় তিনিগুণ বেছি। আনহাতে, ভাৰতত চৰকাৰীভাৱে ক’ভিড সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা প্ৰায় ৪.৯০ লাখ।
বিশ্ব স্বাস্থ্য সংস্থাৰ উপৰিও, ব্ৰিটিছ গৱেষণা পত্ৰ লেঞ্চেটে দাবী কৰিছে যে এক জানুৱাৰী, ২০২০ ৰ পৰা ৩১ ডিচেম্বৰ, ২০১২১ লৈকে ভাৰতত কৰ’না সংক্ৰমণত প্ৰায় ৪০.১ লাখ লোকৰ মৃত্যু হৈছে। যদিও এই তথ্যক অস্বীকাৰ কৰিছে মোদী চৰকাৰে ।






























