Jammu and Kashmir : চিকিৎসালয়ত মৃত ঘোষণা ,শেষকৃত্যৰ সময়ত কান্দি উঠিল নৱজাতক

1653379380 new born

চিকিৎসালয়ৰ দ্বাৰা মৃত ঘোষণা কৰা হৈছিল। ‘মৃত’ক সমাধি দিয়াৰ সময়তে কান্দি উঠিল নৱজাতক । ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাত ‘জীৱন ‘ঘূৰাই পালে নৱজাতকে ।

ঘটনাটো জম্মু আৰু কাশ্মীৰৰ ৰামবান জিলাৰ বানিহালত সংঘটিত হৈছে । সোমবাৰে বানিহালৰ উপ-জিলা চিকিৎসালয়ত চিকিৎসালয় কৰ্তৃপক্ষই শিশুটোক মৃত ঘোষণা কৰে।

কিন্তু যেতিয়া নৱজাতকক সমাধিস্থ কৰিবলৈ লৈ যোৱা হয়, পৰিয়ালৰ সদস্যসকলে দেখিছিল যে নৱজাতকটো জীয়াই আছে।

ইয়াৰ পাছত, নৱজাতকৰ পৰিয়ালৰ সদস্যসকলে ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ কৰে । পৰিয়ালৰ অভিযোগৰ ভিত্তিত কৰ্তৃপক্ষই ইতিমধ্যে চিকিৎসালয়খনৰ দুজন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

স্থানীয় সূত্ৰ অনুসৰি, বাংকুট অঞ্চলৰ বাসিন্দা বাছাৰত আহমেদৰ প্ৰসূতি পত্নীক উপ-জিলা চিকিৎসালয়ত ভৰ্তি হয় সন্তান জন্ম দিয়ে।

কিছু সময়ৰ পাছত, চিকিৎসালয়ৰ দুজন কৰ্মচাৰীয়ে বাছাৰতৰ পৰিয়ালক জনাই যে নৱজাতকৰ মৃত্যু হৈছে।

সমাধিস্থ কৰোঁতে, পৰিয়ালৰ সদস্যসকলে নৱজাতকক লৰচৰ কৰা দেখে। কান্দিও উঠে শিশুটোৱে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নৱজাতকক ।

তাৰ পৰা তেওঁক চিকিৎসাৰ বাবে শ্ৰীনগৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত, পৰিয়ালৰ সদস্যসকলে চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালটোক আশ্বস্ত দি, তেওঁলোকে প্ৰতিবাদ বন্ধ কৰে।

Exit mobile version