অসম-মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ আপাৰ লাম্পীত শিক্ষকৰ ৰূপত কামৰূপ জিলাৰ উপায়ুক্ত

আধাৰশিলা স্থাপন কৰিলে অতিথিশালা আৰু ৰাজহুৱা সভা গৃহৰ

WhatsApp Image 2022 05 25 at 8.32.32 PM

অসম মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীত আজি উপস্থিত হ’ল কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্তিক কৈলাশ এন । চিৰসেউজ আপাৰ লাম্পীত গুণোৎসৱৰ বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত থকাৰ লগতে লোৱাৰ লাম্পীত অতিথিশালা আৰু ৰাজহুৱা সভা গৃহৰ আধাৰশিলা স্থাপন কৰে উপায়ুক্তগৰাকীয়ে । ৰাজ্যজুৰি প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি আছে । চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে চলি থকা গুণোৎসৱৰ সমান্তৰালভাৱে আজি আপাৰ লাম্পীত গুণোৎসৱৰ বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত হয় উপায়ুক্ত কাৰ্তিক কৈলাশ এন ।

চিৰসেউজ বকোৰ আপাৰ লাম্পীৰ হিমালয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন । ১৯৭৭ত স্থাপিত এই লাম্পী হিমালয়া প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত উপায়ুক্তগৰাকী । শিক্ষকৰ ৰূপত এজাক ছাত্ৰ-ছাত্ৰীক পঢ়োৱাই উপায়ুক্তগৰাকীয়ে । একেদৰে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ স’তে মত বিনিময় কৰে উপায়ুক্তগৰাকীয়ে ।

দুৰ্গম পাহাৰীয়া তথা অসম-মেঘালয় সীমান্তত অৱস্থিত অসমৰ অন্তিম বিদ্যালয়খনত প্ৰায় দুই কিলোমিটাৰ পাহাৰীয়া পথ খোজকাঢ়ি অতিক্ৰম কৰে উপায়ুক্তগৰাকীয়ে । উপায়ুক্তগৰাকীয়ে লোৱাৰ লাম্পীত সীমা উন্নয়ন বিভাগৰ ২০২০/২১ বৰ্ষৰ বিত্তীয় অনুদানেৰে নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে । একেদৰে লোৱাৰ লাম্পীৰ ওমসাগৰত ৰাজহুৱা সভাগৃহ এটাৰো আধাৰশিলা স্থাপন কৰে ।

২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া লাম্পীৰ অনুস্থান দুটাৰ আধাৰশিলাত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰী, অসম গোৰ্খা সন্মিলনৰ উপ-সভাপতিদ্বয় মনবাহাদুৰ থাপা, শম্ভু চেত্ৰী, কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ উপদেষ্টাদ্বয় গোপাল শৰ্মা,‌ দূৰ্গা প্ৰসাদ শৰ্মা সমন্বিতে লাম্পীবাসী ৰাইজ । চিৰসেউজ লাম্পীত অনুষ্ঠানসমূহত উপস্থিত থাকি উপায়ুক্তগৰাকীয়ে কয় যে লাম্পী হিমালয়া প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি লক্ষণীয় । বিদ্যালয়খনত শ্ৰেণীকোঠা, পানীৰ অভাৱৰ কথা ব্যক্ত কৰি তৎকালীনভাৱে এই সমস্যা দূৰ কৰিব বুলি আশ্বাস প্ৰদান কৰে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজক ।

একেদৰে অঞ্চলটোৰ অভিভাৱকসকলক শলাগ লৈ লাম্পীত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে এখন এম ই স্কুল আৰু এখন হাই স্কুল নিৰ্মাণৰ আশ্বাস দিয়ে । পুনৰ কয় অসম মেঘালয় সীমান্তৰ ১২টাকৈ বিবাদমান অঞ্চলৰ প্ৰথম পৰ্যায়ত ছয়টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধান কৰা হৈছে । ছয়টাৰ ভিতৰত বকোৰ হাহিম, গীজাং আৰু তাৰাবাৰীৰ বিবাদমান অঞ্চল অন্তৰ্ভুক্ত আছিল । পুনৰ দ্বিতীয় পৰ্যায়ত আন ছয়টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰাৰ উল্লেখ কৰে ।

লগতে কয় যে দ্বিতীয় পৰ্যায়ত বকোৰ চিৰসেউজ লাম্পীৰ নাম সাঙোৰ খোৱাৰ কথা দোহাৰে উপায়ুক্তগৰাকীয়ে । চিৰসেউজ লাম্পীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰকৃতিপ্ৰেমী ৰাইজৰ সমাগম হয় । অতিথিশালাৰ জৰিয়তে প্ৰকৃতিপ্ৰেমী ৰাইজ যথেষ্ট উপকৃত হ’ব বুলিও কয় উপায়ুক্তগৰাকীয়ে । একেদৰে লাম্পীবাসীৰ অভাৱ আছিল ৰাজহুৱা সভাগৃহৰ । অভাৱ পূৰণ হোৱাৰ পথত ।

Exit mobile version