পাঁচ বছৰৰ পাছত ভাৰতত সংগীতানুষ্ঠান পৰিবেশন কৰিব ‘জাষ্টিন’ বিবাৰে

Justin Bieber MAY24

পশ্চিমীয়া সংগীত প্রেমীসকলৰ বাবে সুখবৰ। পাঁচ বছৰৰ পাছত পুনৰ ভাৰতত সংগীতৰ অনুষ্ঠান পৰিবেশন কৰিব জনপ্রিয় পপ শিল্পী জাস্টিন বিবাৰে।

বিবাৰে তেওঁৰ মুক্তিৰ অপেক্ষাত থকা সংগীতৰ এলবাম ‘জাষ্টিচ’ৰ প্ৰচাৰৰ বাবে বিশ্বভ্রমণসূচী ইতিমধ্যে আৰম্ভ কৰিছে। এই ভ্ৰমণসূচীৰ অধীনত জনপ্রিয় পপতাৰকাজনে ভাৰতলৈও আহিব।

বিবাৰে নতুন দিল্লীত সংগীত অনুষ্ঠান পৰিবেশন কৰিব। অহা ১৮ অক্টোবৰত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সংগীত শিল্পীজনে অনুষ্ঠান পৰিবেশন কৰিব।

উল্লেখ্য যে ২০১৭ বৰ্ষত অন্তিমবাৰ বিবাৰে ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিছিল। দিল্লীত ৩০ মিনিট সময় বিবাৰে সংগীত পৰিৱেশন কৰিব আৰু এই অনুষ্ঠানৰ টিকট অহা চাৰি জুনৰ পৰা অনলাইনত উপলব্ধ হ’ব। ‘জাষ্টিচ’ এলবামৰ প্ৰচাৰৰ বাবে বিবাৰে বিশ্বৰ ৩০ খন দেশ ভ্রমণ কৰিব।

Exit mobile version