Life Imprisonment For Yasin Malik : সন্ত্ৰাসবাদীক আর্থিক সাহায্য, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন

Yasin Malik 1653479064633 1653479064839

সন্ত্ৰাসবাদীক আর্থিক সাহায্যৰ গোচৰত দোষী সাব্যস্ত কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিলে দিল্লীৰ আদালতে । ইউএপিএ আইনত ইয়াছিনৰ বিৰুদ্ধে অনা অভিযোগৰ ভিত্তিত ইয়াছিন মালিকৰ মৃত্যুদণ্ডৰ দাবী কৰিছিল এনআইএ-য়ে । অৱশেষত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে আদালতে ।

বুধবাৰে ইয়াছিন মালিকে আদালতত কয়, ‘কাশ্মীৰত বুৰহান ৱানিৰ হত্যাৰ ৩০ মিনিটৰ ভিতৰত মোক গ্রেপ্তাৰ কৰা হয় । অটল বিহাৰী বাজপেয়ীয়ে মোক পাছপ’র্ট দিছিল । তাৰ ফলতেই ম‌ই যিকোনো মন্তব্য কৰিব পাৰো । ম‌ই কোনো ক্রিমিনেল নহয় ।’

ৰাষ্ট্রৰ বিৰুদ্ধে যুদ্ধ ঘোণাৰ অভিযোগ আনি ইয়াছিন মালিকৰ ফাঁচীৰ দাবী কৰিছিল এনআইএ-য়ে । ফাঁচী নহ’লেও এই অভিযোগত ন্যূনতম শাস্তি যাৱজ্জীৱন কাৰাদণ্ড । আদালতত ইয়াছিন মালিকে দাবী কৰে, ১৯৮৪ৰ পাছত তেওঁ অস্ত্র ত্যাগ কৰিছে । তাৰ পাছৰ পৰা তেওঁ অহিংস ৰাজনীতিৰ পথতেই আছে ।

দেশৰ সাত প্রধানমন্ত্রীৰ সময়ত তেওঁ ৰাজনীতি কৰিছে । ভাৰতৰ চোৰাংচোৱা সংস্থাই প্রমাণ কৰক কোনো হিংসাৰ বা সন্ত্ৰাসবাদী কার্যকলাপৰ স’তে জড়িত হয় নে নহয় ! ৰাজনীতিৰ পৰা অৱসৰ ল’ব, মৃত্যুদণ্ডও মূৰ পাতি ল’ব ।

দিল্লীৰ আদালতত ইয়াছিন মালিকৰ শাস্তি ঘোষণাৰ প্রস্তুতি চলাকালীন কাশ্মীৰৰ বিভিন্ন ঠাইত শিল দলিওৱা ঘটনা ঘটে । শ্রীনগৰৰ বিভিন্ন অঞ্চলতেই দোকান বন্ধ হৈ যায় । পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি সেনা তৎপৰতা বাঢ়ি যায় শ্রীনগৰসহ সমগ্ৰ উপত্যকাত ।

ইয়াছিন মালিকৰ বিৰুদ্ধে কি অভিযোগ

কাশ্মীৰি পণ্ডিতসকলক উপত্যকাৰ পৰা বহিষ্কাৰ ।

ভাৰতীয় বায়ুসেনাৰ কে’বাজনো বিষয়াক হত্যা ।

উপত্যকাত সন্ত্ৰাসবাদী কার্যকলাপত সহায় ।

সন্ত্ৰাসবাদীক আর্থিক সাহায্য ।

Exit mobile version