Russia-Ukraine war : ইউক্রেইনক সামৰিক সাহায্য, ৰাছিয়াত বাইডেন, জোকাৰবার্গসহ ৯৬৩ জনৰ প্রৱেশ নিষিদ্ধ

1653474909 putin

ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত ৰাছিয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনসহ কে’বাজনো প্রশাসনিক কৰ্মকর্তাৰ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছিল পুটিন চৰকাৰে । যুদ্ধৰ প্রায় তিনি মাহৰ মূৰত সেই তালিকা আৰু দীঘলীয়া হ’ল । সদ্য প্রকাশিত সেই পূর্ণাংগ তালিকাত বাইডেনৰ লগতে নাম আছে ফেচবুকৰ প্রতিষ্ঠাতা মার্ক জোকাৰবার্গ, হলিউড অভিনেতা মর্গেন ফ্রিমেন, আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকেন আৰু চিআইএ প্রধান উইলিয়াম বার্নছৰ । কেৱল আমেৰিকাই নহয়, ৰাছিয়াত ‘প্রৱেশ নিষেধাজ্ঞা’ৰ তালিকাত ২৬ জন কানাডাৰ নাগৰিকো আছে ।

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত ‘বিশেষ সেনা অভিযান’ আৰম্ভ কৰিছে ৰাছিয়াই । সেই যুদ্ধত প্ৰত্যক্ষভাৱে ইউক্রেইনক সহযোগ নকৰিলেও ৰাছিয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাৰ বাইডেন প্ৰশাসনে । আমেৰিকাত বসবাসকাৰী বহু ৰুছ ধনকুবেৰৰ বেংক একাউন্ট ‘ছিল’ কৰি দিয়া হৈছে । ইয়াৰ উপৰি, ইউক্রেইনক সামৰিক সাহায্য দিয়ো সহায় কৰিছে আমেৰিকায় । ইয়াৰ পাছতেই প্রতিক্রিয়াস্বৰূপ ৱাশ্বিংটনৰ বিৰুদ্ধে নানা পদক্ষেপ গ্ৰহণ কৰে মস্কোৱে ।

পূৰ্বে বাইডেন, ব্লিংকেন আৰু বার্নছৰ ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছিল । ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ত সদ্য প্রকাশিত পূর্ণাংগ তালিকাত মুঠ ৯৬৩ জন আমেৰিকাৰ নাগৰিকৰ নাম আছে । এইবাৰ তালিকাত জোকাৰবার্গৰ নামো অন্তৰ্ভুক্ত হ’ল ।

আনহাতে, প্রধানমন্ত্রী জাষ্টিন ট্রুডো আৰু বিত্তমন্ত্রী ক্রিষ্টিয়া ফ্রিলেণ্ডসহ এশ জনৰো অধিক কানাডাৰ নাগৰিকৰ বিৰুদ্ধে আগতেই প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছিল ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ে । সেই তালিকাত জড়িত হ’ল আৰু ২৬ জন । তেওঁলোকৰ ভিতৰত আছে প্রধানমন্ত্রী ট্রুডোৰ পত্নী ছোফি গ্রেগয়াৰ ট্রুডো আৰু দেশৰ প্রতিৰক্ষা মন্ত্রণালয়ৰ কে’বাজনো বিষয়া ।

Exit mobile version