Sikkim Bans Pigs Sale : গাহৰিৰ মাংস খোৱাৰ আগতে সতর্ক হ‌ওক ! ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু শতাধিক গাহৰিৰ

1200x475 pig

গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণক সতর্ক কৰিলে ছিকিম প্রশাসনে । সম্প্রতি শতাধিক গাহৰিৰ মৃত্যু হোৱাত এই সিদ্ধান্ত প্রশাসনৰ । উত্তৰ ছিকিম জিলাত আফ্রিকান ছোৱাইন ফিভাৰৰ (এএছএফ) ঘটনাৰ খবৰ পোৱাৰ পাছতেই তৎপৰ হৈছে প্রশাসন । সাময়িকভাৱে ৰাজ্যত গাহৰি বিক্রী নিষিদ্ধ কৰিছে ছিকিম চৰকাৰে, বুধবাৰে জনাইছে ৰাজ্যৰ এক কর্মকর্তাই । তেওঁ আৰু জনায়, বিগত দুমাহত ৰাজ্যৰ বিভিন্ন অংশত মুঠ ১১৭টা গাহৰিৰ মৃত্যু হৈছে ।

পশুপালন বিভাগৰ সচিব ডঃ পি ছেন্থিল কুমাৰে জনসাধাৰণক গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থাকিবৰ বাবে সতর্ক কৰিছে । পশুপালন বিভাগৰ সচিবে আৰু জনাইছে, চলিত বছৰৰ ২৩ ফেব্রুৱাৰীত উত্তৰ ছিকিম জিলাৰ গাহৰিৰ পৰা লোৱা নমুনাবোৰৰ প্রথম পৰীক্ষাত Porcine Reproductive and Respiratory Syndrome (PRRS) ধৰা পৰিছে ।

যোৱা ২৯ ফেব্রুৱাৰীত আফ্রিকান ছোৱাইন ফিভাৰৰ প্রথম সংক্রমণ চিনাক্ত কৰা হৈছিল । তেওঁ আৰু জনায়, এই ভাইৰাছৰ কাৰণে গাহৰিৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল ২০ শতাংশ কিন্তু ছিকিমত বর্তমানে ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰিৰ হাৰ এক শতাংশ ।

পশুপালন বিভাগৰ সচিবে আৰু জনাইছে, ৰাজ্য চৰকাৰে ভাইৰাছৰ বিস্তাৰ মোকাবিলাত যুদ্ধকালীন তৎপৰতাত কাম কৰিছে আৰু ৰাজ্যজুৰি এই বিষয়ত সচেতনতামূলক কর্মসূচীও পৰিচালিত হৈছে ।

Exit mobile version