Texas Shooting : আমেৰিকাৰ প্ৰাথমিক বিদ্যালয়ত গুলিচালনা ! ১৯ গৰাকী শিশুসহ নিহত দুই শিক্ষক

আমেৰিকাৰ টেক্সাছৰৰ এখন প্ৰাথমিক বিদ্যালয়ত গুলীচালনাত ১৮ জন শিক্ষাৰ্থীসহ কমেও ২১ জন লোক নিহত হয়। আহত বহুতো। ঘটনাটো টেক্সাছৰ স্থানীয় সময়অনুসৰি মঙলবাৰে সংঘটিত হৈছিল।আক্ৰমণত আৰক্ষীৰ স’তে হোৱা সংঘৰ্ষৰ ঘটনাস্থলীত মৃত্যু হৈছে অভিযুক্ত কিশোৰ বন্দুকধাৰীজনৰ

এক বিবৃতিত জাৰি কৰা এই তথ্য জনাইছে সেই ৰাজ্যখনৰ ৰাজ্যপাল গ্ৰেগ এব’টে। টেক্সাছ প্ৰশাসনৰ সূত্ৰ মতে, উভালডে কাউণ্টিৰ এখন মাধ্যমিক বিদ্যালয়ত গুলীচালনাৰ অভিযুক্ত কিশোৰজনক ১৮ বছৰীয়া ছালভাডৰ ৰামোছ বুলি চিনাক্ত কৰা হৈছে।

মঙলবাৰে, তেওঁ হেণ্ডগান আৰু ৰাইফল লৈ বিদ্যালয়ত প্ৰৱেশ কৰিছিল আৰু নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ আৰম্ভ কৰে। ঘটনাস্থলীত ২১ জন লোকক গুলীয়াই হত্যা কৰা হয়।

তেওঁলোকৰ ভিতৰত আছে ১৮ টা শিশু। ইয়াৰ উপৰিও, বহুতো লোক আঘাতপ্ৰাপ্ত হয়। আহতসকলক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

প্ৰশাসনে আশংকা কৰিছে যে বন্দুকধাৰীজনৰ স’তে বন্দুকযুদ্ধত হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে। অৱশ্যে আহত আৰক্ষী বিষয়াসকলৰ দুজনৰ অৱস্থাস্থিৰ হৈ আছে বুলি এএফপি সংবাদ সংস্থাই জানিবলৈ দিয়ে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমই দাবী কৰিছে যে টেক্সাছৰ ইতিহাসত এনে আক্ৰমণ আগতে কেতিয়াও হোৱা নাছিল। এইটো এটা দশকত আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আক্ৰমণ।

টেক্সাচৰ গভৰ্ণৰে ঘটনাটোৰ পাছত টুইট কৰি শোক প্ৰকাশ কৰিছে। তেওঁ ৰাজ্যখনৰ জনসাধাৰণক এই পৰিস্থিতিত ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

হোৱাইট হাউছৰ মতে, ৰাষ্ট্ৰপতি ড’ বাইডেনে মঙলবাৰে সংঘটিত আক্ৰমণত নিহত সকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ ২৮ মে’ত সূৰ্যাস্ত পৰ্যন্ত ৰাষ্ট্ৰীয় পতাকাখন অৰ্ধনিমিত ৰখাৰ নিৰ্দেশ দিয়ে।

Exit mobile version