Viral :চখপূৰণ ! ১১ লাখ টকা খৰচ কৰি নিজকে ‘কুকুৰ’বনালে এইজন যুৱকে

1653456169 costume

মানুহে তেওঁলোকৰ চখ পূৰণ কৰিবলৈ কি নকৰে! কোনোবাই গোটেই শৰীৰত টেটু কৰে। কিছুমানে নিজকে ধুনীয়া কৰিবলৈ ৰূপ সলনি কৰে।

বিভিন্ন সময়ত এনে ঘটনা শুনিবলৈ পোৱা যায় । কিন্তু এই সকলোকে পিছপেলালে জাপানৰ এজন ব্যক্তিয়ে ।চখত কৱলত পৰি নিজকে কুকুৰলৈ পৰিণত কৰিলে এজন যুৱকে।

অবিশ্বাস‍্য লাগিলেও এইটোৱেই সত্য । জাপানৰ টেকো নামৰ এজন যুৱকে মানুহৰ জীৱন ভাল নাপায়। তেওঁ সৰুৰে পৰা কুকুৰৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। আৰু সেইকাৰণে তেওঁ কুকুৰৰ দৰে জীয়াই থাকিবলৈ ভাল পায়।

তেওঁ অৱশেষত নিজৰ লক্ষ্যৰ পাছত দৌৰি দৌৰি লক্ষ্যত উপনীত হয়। নিজৰ ৰূপ সলনি কৰি মানুহৰ পৰা “কুকুৰ” লৈ সলনি হয় যুৱকজন।

https://twitter.com/zeppetJP/status/1513336198856851461?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1513336198856851461%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fviral%2Fman-turns-himself-into-a-dog-in-expense-of-11-lakh-to-fulfill-his-dream-dgtl%2Fcid%2F1346462

নহয়, যিদৰে তেওঁ অস্ত্ৰোপচাৰ কৰি নিজৰ চেহেৰা সলনি কৰাৰ বাতৰি পোৱা গৈছে, টেকোৱে সেই পথ অনুসৰণ কৰা নাই ।

তাৰ পৰিৱৰ্তে, তেওঁ ইয়াৰ বাবে এটা কাপোৰৰ কোম্পানীৰ স’তে যোগাযোগ কৰিছিল। তেওঁলোকৰ হাতেৰে ঠিক কুকুৰৰ দৰে হুবহু পোছাক বনাই।

যাৰ মূল্য হৈছে ১১ লাখ ৬৩ হেজাৰ টকা। টাকোৰ চৰ্ত আছিল যে, পোছাকটো এনেকুৱা হ’ব লাগিব যাতে, খুব ভালকৈ দেখিলেও যেন কোনেও ধৰিব নোৱাৰে যে কুকুৰ নহয়। কথাৰ মতেই কাম ।চখ পূৰণ হ’ল টকোৰ।

তেওঁ কুকুৰৰ কাপোৰ পিন্ধি খোজ কাঢ়িলে। তেওঁ কুকুৰৰ দৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। তেওঁ নেটত তেওঁৰ নতুনখন ফটোও শ্বেয়াৰ কৰিছে। যাক লৈ এতিয়া বিপুল চর্চা চলিছে।

Exit mobile version